/asomiyapratidin/media/media_files/2025/10/23/1-2025-10-23-23-05-00.jpg)
ডিজিটেল সংবাদ,মঙলদৈঃ "আমাৰ কাৰণে যোৱা প্ৰায় এটা মাহ অত্যন্ত দুখৰ সময় ৷ অসমে অসমৰ হিয়াৰ আমঠু, অসমৰ গৌৰৱ, অসমৰ অন্যতম সৰ্বশ্ৰেষ্ঠ অসমীয়া এজনক হেৰুৱাবলগীয়া হ’ল ৷ এই দিশত আমি সকলোৱে ম্ৰিয়মান৷ সকলোৱে আমি পতিয়ন গৈছো যে এই মৃত্যুত ষড়যন্ত্ৰ আছিল"- এই মন্তব্য অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ৷
ভাৰতীয় জনতা পাৰ্টিৰ দৰং জিলাৰ উদ্যোগত আজি মঙলদৈত আয়োজিত ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী'' শীৰ্ষক ন্যায় সমদলৰ পূৰ্বে আয়োজিত সভাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে৷ যি ষড়যন্ত্ৰৰ বাবে জুবিনৰ মৃত্যু হ’ল, সেই ষড়যন্ত্ৰ আজি প্ৰত্যকজন অসমীয়াই ফাদিল হোৱাটো বিচাৰিছে বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে৷
তেওঁ কয় যে এই ষড়যন্ত্ৰ কোনে কৰিছিল, তেওঁলোকৰ শাস্তি হোৱাটো সকলোৱে বিচাৰিছে ৷ বিজেপি দলেও শাস্তি কঠোৰতম হোৱাৰ দাবীত ৰাজপথলৈ ওলাই আহিছে ৷ ন্যায়পালিকাৰ প্ৰতি বিশ্বাস ৰাখি এই কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা মন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে৷
তেওঁ কয়, ‘জুবিন গাৰ্গৰ মৃত্যুত যিসকলে ষড়যন্ত্ৰ কৰিছিল, তেওঁলোকৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ ব্যৱস্থা হাতত লৈছে৷ যিসকল কুচক্ৰান্তকাৰী, ষড়যন্ত্ৰকাৰী তেওঁলোকক ইতিমধ্যে জে’ললৈ প্ৰেৰণ কৰা হৈছে৷’ কিন্তু এই ন্যায় প্ৰক্ৰিয়া ফাষ্টট্ৰেক হওক, যাতে দোষীয়ে কঠোৰ শাস্তি পায়, তাৰ কাৰণে আমি প্ৰত্যকজন অসমীয়াই, প্ৰত্যকজন ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই দাবী কৰা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷
এই দাবীৰ কাৰণেই আজি মঙলদৈত সমদল উলিয়াবলৈকে বিজেপিৰ কাৰ্যকৰ্তা সমবেত হোৱা বুলি তেওঁ ভাষণত উল্লেখ কৰি অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আমাৰ মাজত সদায় থাকক৷ প্ৰত্যকজন অসমীয়াই তেওঁক জীয়াই ৰাখিবলৈকে আপ্ৰাণ চেষ্টা চলাওক বুলি মন্ত্ৰীগৰাকীয়ে সকলোকে আহ্বান জনায়৷
অনুষ্ঠানত উপস্থিত থাকি ভাতীয় জনতা পাৰ্টিৰ সভপতি তথা দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই প্ৰথমে প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ জয় জুবিন দা, আমাৰ জুবিন প্ৰাণৰ জুবিন, জুবিনদাই ন্যায় পাবই লাগিব আদি শ্ল’গান দি ভাষণ আৰম্ভ কৰা দিলীপ শইকীয়াই কয় যে জুবিন গাৰ্গৰ যি ৰহস্যজনক সংবাদ, সেই সংবাদ আজিও আমি বিশ্বাস কৰিবলৈ টান পাই আছো৷
জুবিন দা যেন আমাৰ মাজত আছে, এই কথাটো আজিও আমাৰ সকলোৰে মাজত অনুভূত হৈ আছে ৷ আজি এমাহ ৫ দিন জুবিনদাৰ সেই অনাকাংক্ষিত মৃত্যুত আমি শোকেৰে পাৰ কৰিছো৷ জুবিনদাই ন্যায় পাবই লাগিব ৷ জুবিনদাই ন্যায় পোৱাটো আমি সকলোৱে মনেপ্ৰাণে বিচাৰিছো ৷
ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা, সমৰ্থক, শুভাকাংক্ষীয়ে সেয়েহে সমস্বৰে কৈছে ‘ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী’৷ আমাৰ প্ৰাণৰ শিল্পীগৰাকীক ন্যায় দিবৰ কাৰণে ৰাইজৰ যি আকুল আহ্বান, সেই আকুল আহ্বানক অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শিল্পীগৰাকীৰ মৃত্যুৰ দুঃসংবাদ পোৱাৰ ক্ষণৰ পৰা আজিলৈকে যি প্ৰচেষ্টা হাতত লৈছে ৷
শিল্পীগৰাকীৰ পাৰ্থিৱ শৰীৰ অসমলৈ অনাৰ পৰা অন্তিম সংস্কাৰলৈকে, পৰৱৰ্তী সময়ত এছআইটি, ৱান মেন কমিচন তাৰ পিছত ফাষ্টট্ৰেক আদালতৰ পৰা আৰম্ভ কৰি যিমান বিষয় জুবিন গাৰ্গে ন্যায় পোৱাৰ কাৰণে কৰিছে তাৰ কাৰণে মুখ্যমন্ত্ৰী তথা অসম চৰকাৰক দলৰ ফালৰ পৰা তেওঁ ধন্যবাদ জ্ঞাপন কৰে ৷
তেওঁ পুনৰ কয় যে আমি সকলোৱে ন্যায় বিচাৰিছো আৰু জুবিন দাই ন্যায় পাবই লাগিব৷ ইয়াত কোনো ধৰণৰ দ্বিতীয় চিন্তা নাই৷ ন্যায় প্ৰদানৰ ক্ষেত্ৰত চৰকাৰখনে ন্যায়ালয় বা আদালতক যি সহযোগ কৰিব লাগে সেই সহযোগ কৰি আছে আৰু যি প্ৰয়োজন হয় সেই সহযোগ ন্যায়ালক অসম চৰকাৰে কৰিব বুলি তেওঁ উল্লেখ কৰে৷
তেওঁ কয়, ‘জুবিনদাই ন্যায় পোৱাটো প্ৰতিগৰাকী অসমীয়াৰ, প্ৰতিগৰাকী ভাৰতীয়ৰ, প্ৰতিগৰাকী বিজেপিৰ কাৰ্যকৰ্তাৰ অন্তৰৰ আহ্বান৷ এই আহ্বান নিশ্চয় ন্যায়ালয়ে শুনি আছে, ন্যায়ালয়ে গোটেই কথাবিলাক দেখি আছে৷ ন্যায় চৰকাৰে দিব নোৱাৰে, ন্যায় যিহেতু ন্যায়ালয়ে দিব ৷ ন্যায় দিয়াৰ ক্ষেত্ৰত চৰকাৰে যি যি তদন্ত কমিটী গঠন হৈছে, সেই তদন্ত কমিটীসমূহক সকলো প্ৰকাৰৰ সহযোগ কৰিবৰ কাৰণে চৰকাৰখন সাজু হৈছে৷ চৰকাৰখনে ইতিমধ্যেই সেই সহায় কৰিছে৷’
বিজেপিৰ সভাপতিগৰাকীয়ে ন্যায়লয়ক শীঘ্ৰে ফাষ্টট্ৰেক আদালত গঠন কৰিবলৈ আহ্বান জনায়৷ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত ফাষ্টট্ৰেক আদালতৰ জৰিয়তে সম্ভৱপৰ কৰি তুলিবলৈ তেওঁ ন্যায়ালক আহ্বান জনায়৷ এছআইটিকো তেওঁ পানী নসৰকা এখন চাৰ্জশ্বিট মহামান্য আদালতৰ সন্মুখত দাখিল কৰিবলৈ আহ্বান জনায়৷
বিগত সময়ত একাংশ ৰাজনৈতিক দলৰ নেতাই সামাজিক মাধ্যম বা বিভিন্ন মাধ্যমত বিজেপিক টাৰ্গেট কৰি লোৱাৰ কথা উল্লেখ কৰি কয় যে তেওঁলোকে এটা এজেণ্ডা, পোপগোণ্ডা কৰি চৰকাৰখনক কেনেকৈ অস্থিৰ কৰিব পাৰি তাৰ চেষ্টা চলাইছে৷ বিজেপিক ৰাইজৰ সন্মুখত কেনেকৈ হেয় প্ৰতিপন্ন কৰিব পাৰে তাৰ চেষ্টা চলাইছে৷ তেওঁলোকৰ এই ৰাজনৈতিক এজেণ্ডাক সভাপতিগৰাকীয়ে ধিক্কাৰ দিয়ে ৷ তেওঁ কয় যে, জুবিনদা ৰাজনীতিৰ বিষয় নহয়৷
জুবিনদাক লৈ কোনেও ৰাজনীতি কৰিব নোৱাৰে বুলি তেওঁ মন্তব্য কৰে৷ তেওঁ কয় যে জুবিনদা ৰাজনীতিৰ পৰা বহুত ঊৰ্ধ্বত৷ তেওঁ নিজেই কৈ গৈছিল যে পলিটিক্স নকৰিবা বন্ধু৷ তাৰ পিছতো জুবিনদাৰ আহ্বানক ভৰিৰে মোহাৰি একাংশ ৰাজনৈতিক দলে ২০২৬ত কেনেকৈ জিকিব পাৰি তাৰ লক্ষ্যৰে চৰকাৰ তথা বিজেপি দলৰ বিৰুদ্ধে লাগি পৰিছে ৷
তেওঁ জুবিনক লৈ এনে ৰাজনীতি কৰাসকলক তীব্ৰ নিন্দা কৰে৷ তেওঁ কয় যে সেই ৰাজনৈতিক দলসমূহে বিচাৰে অসমখন অস্থিৰ হৈ থাকক৷ অসমখন অশান্ত হৈ থাকক৷ অসমৰ উন্নয়ন স্থৱিৰ হওক৷ অসমখনত অস্থিৰ পৰিৱেশ পুনৰ ঘূৰি আহক৷ কিন্তু আমি এইটো কেতিয়াও হ’বলৈ দিব নোৱাৰো ৷
ন্যায় বিচাৰি আমি ৰাস্তালৈ আহিব বিচৰা নাছিলো, বিৰোধীৰ ষড়যন্ত্ৰৰ কাৰণে আজি আমি ন্যায় সমদল কৰিব লগা হৈছে বুলি সভাপতিগৰাকীয়ে স্পষ্ট কৰি দিয়ে৷ এই সভাখনৰে পিছতে বিজেপিৰ কৰ্মকৰ্তা, শুভাকাংক্ষীয়ে অংশগ্ৰহণ কৰা বিশাল ন্যায় সমদল উলিওৱা হয়৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us