/asomiyapratidin/media/media_files/2025/10/23/37-2025-10-23-13-41-04.jpg)
ডিজিটেল সংবাদ, মঙলদৈ : দৰং জিলা বিজেপিৰ উদ্যোগত বৃহস্পতিবাৰে জুবিন গাৰ্গৰ ন্যায়ৰ আহ্বানত এক বিশাল পদযাত্ৰা উলিওৱা হয়। মঙলদৈ চহৰৰ ভেবাৰঘাট কৃষ্টি সংঘৰ খেলপথাৰৰ পৰা কৰিমচকলৈ উলিওৱা হয় এই পদযাত্ৰা ৷
পদযাত্ৰাত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে। পদযাত্ৰাত অংশগ্ৰহণ ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়া , অসম চৰকাৰৰ মন্ত্ৰী পিযুষ হাজৰিকা ,বিধায়ক পৰমানন্দ ৰাজবংশী , প্ৰাক্তন বিধায়ক তথা মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যেতি দাস সহিতে বিজেপিৰ নেতা কৰ্মী উপস্থিত থাকে।
পদযাত্ৰাৰ আগেয়ে ভেবাৰঘাট খেলপথাৰত শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠানৰ লগতে এখন সভাৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us