/asomiyapratidin/media/media_files/2026/01/02/jhvgjhgjbgj-2026-01-02-19-52-08.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ যি সময়ত ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০২০-২৫ বৰ্ষ কেইটা অসমৰ অৰ্থনীতিক দেশৰ ভিতৰতে ক্ষীপ্ৰ উন্নয়নশীল হিচাপে স্বীকৃতি প্ৰদান কৰিছে তেনে সময়ত অসমৰ বিৰোধী দল কংগ্ৰেছ তথা অখিল গগৈয়ে ৰাজ্যখনৰ উন্নয়ন নেদেখা বুলি বক্তব্য কৰাটো প্ৰকৃতাৰ্থতে চকু মুদা কুলিৰ দৰে ভাও ধৰা বুলি অভিহিত কৰে বিজেপি অসম প্ৰদেশে ৷
আজি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতি জৰিয়তে মুখপাত্ৰ জয়ন্ত কুমাৰ গোস্বামীয়ে এই কথা প্ৰকাশ কৰি কয় যে, কেন্দ্ৰীয় চৰকাৰ তথা অসমৰ ৰাজ্য চৰকাৰে যোৱা সময়ছোৱাত অসমৰ উন্নয়নত এক আমোল পৰিৱৰ্তন কৰিছে৷ উল্লেখ্য যে, মুখপাত্ৰগৰাকীয়ে আজি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে প্ৰকাশ কৰা বিজেপিৰ অৰ্থনীতিক পোষ্টমৰ্টম ৰিপৰ্ট শীৰ্ষ শ্ৰেতপত্ৰখনৰ প্ৰত্যুত্তৰ দি অখিল গগৈক তীব্ৰ প্ৰত্যাহ্বান জনাই আৰু প্ৰকৃততে বিধায়ক গৰাকীয়ে অসমৰ উন্নয়ন নস্যাৎ কৰি তেওঁৰ বৌদ্ধিক দন্যতা প্ৰকাশ কৰে বুলি মন্তব্য কৰে ৷
২০১৬ চনৰ পূৰ্বে অসমৰ ঐতিহ্যমণ্ডিত কাজিৰঙাত প্ৰায় প্ৰতিদিনাই গড় হত্যা হৈছিল যাৰ ফলত উদ্যানখনলৈ পৰ্যটকৰ হাৰ কমি গৈছিল৷ কিন্তু বিজেপি চৰকাৰ ২০১৬ চনত শাসনলৈ অহাৰ পাছত গড় হত্যা বন্ধ হয় আৰু ২০২৫ বৰ্ষত এটাও গড় হত্যা হোৱা নাই ৷ তাৰ বিপৰীতে ২০২৫ বৰ্ষৰ অক্টোবৰ, নবেম্বৰ আৰু ডিচেম্বৰৰ ২৭ তাৰিখলৈকে মাত্ৰ তিনি মাহৰ ভিতৰত ৰেকৰ্ড সংখ্যক ১,৩৯,৪৫৮ জন ভাৰতীয় আৰু ৬,৬৯৯ জন বিদেশী পৰ্যটক কাজিৰঙালৈ আহিছে ৷ গতিকে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ ব্যাপক উপস্থিতিয়ে সামগ্ৰিক ভাৱে অসমখনৰ ক্ষীপ্ৰ উন্নয়নৰ পৰিৱেশ প্ৰমাণিত হয় ৷ এনেধৰণৰ ভাল খবৰ সমূহ অনুধাৱন নকৰি বিধায়ক অখিল গগৈয়ে বৰ্ষটোৰ দ্বিতীয় দিনটোতে কেৱল চৰকাৰখনক সমালোচনা কৰাৰ স্বাৰ্থত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ‘হেণ্ডবুক অফ ষ্টেটিষ্টিক্চ অন ইণ্ডিয়ান ষ্টেট, ২০২৪-২৫’ একাংশ তথ্যৰ উদ্ধৃতি দি ৰাজ্যখনৰ প্ৰকৃত উন্নয়নক নস্যাৎ কৰাৰ অপচেষ্টাক তীব্ৰ গৰিহণা দিয়ে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ গৰাকীয়ে ৷
মুঠ ৪৪৬ পৃষ্ঠা জোৰা ‘হেণ্ডবুক অফ ষ্টেটিষ্টিক্চ অন ইণ্ডিয়ান ষ্টেট, ২০২৪-২৫’ ৰ মাত্ৰ ৪০ টা পৃষ্ঠাৰ তথ্য উদ্ধৃতি দি অখিল গগৈয়ে অসমৰ জনসাধাৰণক নৱবৰ্ষৰ দিনটোতে অভূৱা ভৰিবলৈ চেষ্টা কৰিছে ৷ ৰিজাৰ্ভ বেংকৰ উক্ত ৰিপৰ্টৰ টেবুল সাতত উল্লেখ থকা অৰ্থনৈতিক কাৰ্যকলাপৰ অনুসৰি নেট ৰাজ্যিক মূল্য সংযোজনৰ ক্ষেত্ৰত ২০১৯-২০ বৰ্ষত অসমৰ মুঠ [এন এছ ভি এ] ৰ পৰিমাণ আছিল ২৮৩১৫২ কিন্তু সেয়া প্ৰায় দুগুনলৈ বৃদ্ধি হৈ ২০২৪-২৫ বৰ্ষত ৫০০৩১৪ হয়গৈ৷ ইয়ে অসমৰ ক্ষীপ্ৰ অৰ্থনৈতিক উন্নয়ন প্ৰমাণিত কৰে ৷
উক্ত ৰিপৰ্টৰ টেবুল ১০ ত উল্লেখ পাৰ কেপিটা নেট ষ্টেট ডমেষ্টিক প্ৰডাক্ট কংগ্ৰেছৰ শাসন কালত ২০১৫-১৬ বৰ্ষত ৫০৬৪২ বুলি উল্লেখ থকাৰ বিপৰীতে ২০২৪-২৫ বৰ্ষত ৮১১২৭ বুলি উল্লেখ আছে ৷ গতিকে ই কংগ্ৰেছৰ দিনৰ অসমৰ দুৰ্বল অৰ্থনীতি বৰ্তমান ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন দিনত অতি ক্ষীপ্ৰতাৰে উন্নতি হৈছে বুলি প্ৰমাণিত কৰে ৷ মুখপাত্ৰগৰাকীয়ে ২০১৫ চনত প্ৰসুতি মৃত্যু হাৰ প্ৰতি লাখত ২২৯ গৰাকী আছিল বুলি উল্লেখ কৰি বিধায়ক অখিল গগৈক কয় যে, সাহস আছে যদি আপোনাৰ মিত্ৰদল কংগ্ৰেছ চৰকাৰৰ সময়ত অসমৰ অৰ্থনীতি আৰু বৰ্তমান অসমৰ অৰ্থনীতিৰ এক তুলনামূলক বাখ্যা তথ্য সহকাৰে প্ৰদান কৰিবলৈ প্ৰত্যাহ্বান জনায় ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us