/asomiyapratidin/media/media_files/2026/02/10/85-2026-02-10-20-31-05.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : বিজেপি দল আৰু চৰকাৰে ৰাজনৈতিক কাৰ্যকলাপৰ জৰিয়তে অসমৰ সামাজিক আৰু ৰাজনৈতিক বাতাবৰণ বিনষ্ট কৰিছে ৷ বিশেষকৈ ৰাজ্য চৰকাৰৰ মুৰব্বী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিপক্ষক অনবৰতে গালি গালাজ, ককৰ্থনা আৰু কটু শব্দ প্ৰয়োগ কৰি ৰাজ্যখনৰ সামাজিক, বৌদ্ধিক, ৰাজনৈতিক আদি পৰিৱেশ ঘৃণনীয় আৰু বিনষ্ট কৰি পেলাইছে - এক বিবৃতিযোগে এই কথা উল্লেখ কৰে অসম মাতৃভূমি দলে।
লগতে কয়- মুখ্যমন্ত্ৰী আৰু বিজেপিৰ নেতাসকলে জনা উচিত আছিল যে, অসমত এখন বৌদ্ধিক ক্ষেত্ৰ আছে, ৰাজ্যখনত পণ্ডিতসকল আছে, জ্যেষ্ঠ নাগৰিকসকল আছে, শিশুসকল আছে, শিক্ষাগুৰুসকল আছে, গুণী জ্ঞানীসকল আছে ৷ গতিকে তেনেস্থলত মুখ্যমন্ত্ৰী বা বিজেপিৰ নেতাসকলে ৰাজনৈতিক বক্তব্য ৰাখোতে শালিনতা, সহনশীলতা আৰু ভদ্ৰতা এৰাই চলা উচিত নহয় ৷
মূল্যবোধৰ ৰাজনীতিৰ কথা কোৱা বিজেপি দল - চৰকাৰ ৰ মানুহবোৰে এতিয়া ৰাজ্যখনত উশৃংখল আৰু ঘৃণনীয় ৰাজনৈতিক আৰু সামাজিক বাতাবৰণ তৈয়াৰ কৰিছে ৷ ইয়াৰ আমি তীব্ৰ নিন্দা আৰু বিৰোধীতা কৰোঁ । অসম মাতৃভূমি দলৰ স্পষ্ট কথা — ধৰ্মবিদ্বেগী বক্তব্য নৰখাকৈয়ো দেশ বিৰোধী আৰু জাতিবিৰোধী শক্তিক প্ৰতিহত কৰিব পৰা যায় ৷
আমি কামৰ ৰাজনীতিত বিশ্বাসী, কথাৰ ফুলজাৰীক আমি প্ৰাধান্য নিদিওঁ ৷ বিজেপি দল আৰু চৰকাৰৰ সীমাহীন ৰাজনৈতিক বক্তব্যই প্ৰশাসন ব্যৱস্থাক সৱল কৰা বিপৰীতে সংহতিহীন কৰি তুলিছে । আমি সুস্থ, সবল আৰু শৃংখলাবদ্ধ চৰকাৰ - প্ৰশাসন বিছাৰোঁ ৷ এই ক্ষেত্ৰত আমি ভৱিষ্যৎ পৰিকল্পনা প্ৰস্তুত কৰিছোঁ। বিজেপি দল - চৰকাৰ - মুখ্যমন্ত্ৰীলৈ আমাৰ আহ্বান — ৰাজ্যত মূল্যবোধৰ ৰাজনীতি আৰু সুস্থ, সৱল , শৃংখলাবদ্ধ চৰকাৰ - প্ৰশাসন প্ৰতিষ্ঠাৰ বাবে সুস্থ বাতাবৰণ ৰক্ষা কৰক ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us