ৰেজাউল কৰিমৰ বাৰ্তাক গৌৰৱ গগৈয়ে আগুৱাই নিছেঃ ৰাজ্যিক বিজেপি

গৌৰৱ গগৈৰ বিৰুদ্ধে স্বৰ্গদেউ চাওলুং চ্যুকাফাই প্ৰতিষ্ঠা কৰা ঐতিহাসিক বৰ অসম আৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই গঢ় দিয়া সাংস্কৃতিক বৰ অসমক নস্যাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে শাসকীয় বিজেপি দলে।

author-image
Asomiya Pratidin
New Update
csddsadxsa

ডিজিটেল সংবাদ, গুৱাহাটীঃ কংগ্ৰেছ সভাপতি গৌৰৱ গগৈৰ ৰাজনৈতিক দৃষ্টিভংগী আৰু “নতুন বৰ অসম” ধাৰণাক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনীতিত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। গৌৰৱ গগৈৰ বিৰুদ্ধে স্বৰ্গদেউ চাওলুং চ্যুকাফাই প্ৰতিষ্ঠা কৰা ঐতিহাসিক বৰ অসম আৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই গঢ় দিয়া সাংস্কৃতিক বৰ অসমক নস্যাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে শাসকীয় বিজেপি দলে।

বিজেপিৰ অভিযোগ অনুসৰি, কংগ্ৰেছত যোগদান কৰাৰ পাছতেই ৰেজাউল কৰিমে কংগ্ৰেছৰ মঞ্চৰ পৰা শিৱসাগৰৰ দৰে খিলঞ্জীয়া অধ্যুষিত অঞ্চলক ধুবুৰীৰ দৰে মিঞা অধ্যুষিত অঞ্চল হিচাপে গঢ়ি তোলাৰ হুংকাৰ দিছিল। যদিও পৰৱৰ্তী সময়ত ৰেজাউল কৰিমে কংগ্ৰেছ ত্যাগ কৰে, তথাপিও তেওঁৰ সেই বক্তব্য আৰু ৰাজনৈতিক দৃষ্টিভংগীক গৌৰৱ গগৈয়ে আগুৱাই লৈ গৈছে বুলি অভিযোগ উত্থাপন কৰিছে শাসকীয় দলটোৱে।

বিজেপিৰ মুখ্য কাৰ্যায়লত আয়োজিত এক সংবাদমেলত দলচোৰ মুখপাত্ৰ জয়ন্ত গোস্বামীয়ে সদৰী কৰে যে, স্বৰ্গদেউ চাওলুং চ্যুকাফাই অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীক একত্ৰিত কৰি এক শক্তিশালী ৰাজ্য প্ৰতিষ্ঠা কৰিছিল আৰু মোগল শক্তিক অসমৰ পৰা দূৰলৈ খেদি পঠিয়াইছিল। একেদৰে, শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সকলো জাতি-জনগোষ্ঠীক একত্ৰিত কৰি নৱবৈষ্ণৱ ধৰ্মৰ জৰিয়তে এক সাংস্কৃতিক সমাজ গঢ়ি তুলিছিল। কিন্তু গৌৰৱ গগৈয়ে আৰম্ভ কৰা “নতুন বৰ অসম” যাত্ৰাত সেইসকল মিঞা যুৱনেতাৰ অংশগ্ৰহণ দেখা গৈছে, যিসকলে অসমত মুঠ ৪৮ টা বিধানসভা সমষ্টি মিঞা সমাজৰ বাবে সংৰক্ষণৰ দাবী উত্থাপন কৰি আহিছে।

ইফালে, কংগ্ৰেছ শিবিৰৰ পৰা এই অভিযোগসমূহ সন্দৰ্ভত এতিয়ালৈকে কোনো স্পষ্ট প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা নাই। বিষয়টো আগন্তুক দিনত অসমৰ ৰাজনীতিত অধিক বিতৰ্কৰ সৃষ্টি কৰিব বুলি ৰাজনৈতিক পৰ্যবেক্ষকসকলে মত প্ৰকাশ কৰিছে।

গৌৰৱ গগৈ