ডিজিটেল ডেস্কঃ ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰকাশ কৰিলে আৰু এখন প্ৰাৰ্থীৰ তালিকা। বিজেপিয়ে প্ৰস্তুত কৰা এই তালিকাত ভুপাল সংসদীয় সমষ্টিৰ প্ৰাৰ্থী হিচাপে সাধৱী প্ৰজ্ঞা সিং ঠাকুৰৰ নাম প্ৰক্ষেপ কৰা হৈছে। এই সমষ্টিটোত কংগ্ৰেছে দ্বিগবিজয় সিঙক টিকট প্ৰদান কৰিছে। বিজেপিৰ এই তালিকাখনত মুঠ চাৰিজন প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰা হৈছে।
উল্লেখ্য যে, মালেগাঁৱৰ বিস্ফোৰণৰ অভিযুক্ত সাধৱী প্ৰজ্ঞা ঠাকুৰ সিঙে ভাৰতীয় জনতা পাৰ্টিত কিছুদিন আগতে যোগ দিয়ে। বিজেপি দপ্তৰত উপস্থিত হোৱাৰ পাছত ভুপাল সমষ্টিৰ প্ৰাৰ্থী সন্দৰ্ভত কোনো সিদ্ধান্ত ল'ব পৰা নাছিল দলটোৱে। ইফালে, মালেগাঁও বিস্ফোৰণ কাণ্ডৰ পাছত সাধৱী প্ৰজ্ঞা সিঙৰ নাম চৰ্চা আহিছিল।
২০০৮চনত মালেগাঁৱত সংঘটিত বিস্ফোৰণত অভিযুক্ত ঠাকুৰ। ইফালে, প্ৰায় তিনি দশক ধৰি সংসদীয় সমষ্টিটোত বিজেপিৰ দখলত আছে। কংগ্ৰেছ নেতা শংকৰ দয়াল শৰ্মা ১৯৮৪চনত এই সমষ্টিটোত জয়ী হৈছিল। বৰ্তমান ভুপালৰ সাংসদ অশোক সানঝৰ।