পুনৰ এগৰাকী বিজেপি নেত্ৰীৰ গান্ধী হত্যাকাৰীক ‘দেশভক্ত’ আখ্যা…

পুনৰ এগৰাকী বিজেপি নেত্ৰীৰ গান্ধী হত্যাকাৰীক ‘দেশভক্ত’ আখ্যা…

author-image
asomiyapratidin
New Update
পুনৰ এগৰাকী বিজেপি নেত্ৰীৰ গান্ধী হত্যাকাৰীক ‘দেশভক্ত’ আখ্যা…

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচন চলি থকাৰ সময়তে বিজেপিৰ ভূপাল সমষ্টিৰ প্ৰাৰ্থী সাধ্বী প্ৰজ্ঞা সিং ঠাকুৰে গান্ধী হত্যাকাৰী নাথুৰাম গডছেক দেশভক্ত আখ্যা দিছিল। বিজেপি নেত্ৰীগৰাকীৰ এই মন্তব্যৰ পিছতে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। বিভিন্ন জনে এই মন্তব্যক লৈ বিজেপি প্ৰাৰ্থীগৰাকীক সমালোচনা কৰাৰ লগতে তেওঁক দলৰ পৰা বৰ্খাস্ত কৰাৰো দাবী উত্থাপন হৈছিল। আনকি খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিজেপি প্ৰাৰ্থীগৰাকীৰ এই মন্তব্যক লৈ আক্ষেপ ব্যক্ত কৰিছিল।

Advertisment

শেহতীয়াকৈ মধ্যপ্ৰদেশৰ আন এগৰাকী বিজেপি নেত্ৰীয়ে গান্ধী হত্যাকাৰী নাথুৰাম গডছেক ৰাষ্ট্ৰবাদী আখ্যা দিয়াক লৈ সৃষ্টি হৈছে বিতৰ্কৰ। মধ্যপ্ৰদেশৰ মহু বিধানসভাৰ বিজেপি বিধায়িকা ঊষা ঠাকুৰে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত নাথুৰাম গডছেক ৰাষ্ট্ৰবাদী বুলি অভিহিত কৰে। উল্লেখ্য যে, বুধবাৰে সাংবাদিকে বিজেপি বিধায়িকা গৰাকীক 'আপুনি নাথুৰাম গডছেক ৰাষ্ট্ৰবাদী বুলি ভাৱে নে' বুলি সোধা প্ৰশ্নৰ উত্তৰ দি ঊষা ঠাকুৰে কয়- 'তেওঁতো হয়েই ৰাষ্ট্ৰবাদী। সেয়া সুধিব লগা বিষয় নহয়।'

বিজেপি বিধায়িকা গৰাকীয়ে কয়, 'সেয়া তেওঁহে জানিব পাৰিব যে কি কাল-পৰিস্থিতিত তেওঁ মহাত্মা গান্ধীক হত্যাৰ সিদ্ধান্ত লৈছিল। মই ভাবো আপুনি বা মই এই বিষয়ে মন্তব্য কৰাই অনুচিত।' বিজেপি নেত্ৰী গৰাকীৰ এই মন্তব্যৰ ভিডিঅ' ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।