/asomiyapratidin/media/media_files/2025/08/25/btr-25-2025-08-25-17-30-09.jpg)
ডিজিটেল ডেস্কঃ বি টি আৰৰ নিৰ্বাচনৰ পূৰ্বে অঞ্চলটোত ভাৰতীয় জনতা পাৰ্টী ত্যাগ কৰিছে একাংশ স্থানীয় নেতাই। অঞ্চলটোত দল ত্যাগী নেতাৰ এই তালিকাত শেহতীয়াকৈ সংযোজন হৈছে মিণ্টু দৈমাৰীৰ নাম।
ধনশ্ৰী মণ্ডলৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ ওদালগুৰি জিলাৰ কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক মিণ্টু দৈমাৰীয়ে দলীয় নেতৃত্বৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি দলত্যাগ কৰাৰ কথা ঘোষণা কৰিছে।
২৫ আগষ্ট, সোমবাৰে ওদালগুৰি জিলা সমিতিৰ সভাপতি, সম্পাদকলৈ তেওঁ পদত্যাগ পত্ৰৰ প্ৰেৰণ কৰিছে। উল্লেখ্য যে, এইবাৰ তেওঁ পৰিষদীয় নিৰ্বাচনত ৩৭ নং ধনশ্ৰী পৰিষদীয় সমষ্টিৰ বি জে পি দলৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিল।
কিন্তু তেওঁ দলৰ পৰা টিকট লাভৰ কোনো আশা নেদেখি দল ত্যাগ কৰাৰ সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে। অৱশ্য মিণ্টু দৈমাৰীৰ পদত্যাগে সমষ্টিটোত বিজেপিক ক্ষতিগ্ৰস্ত কৰিব নে নাই সেয়া সময়েহে ক’ব।
কিন্তু নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এইদৰে একাংশ নেতাই দল ত্যাগ কৰা বিষয়টো যে দলীয় নেতাৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে সেয়া নিশ্চিত। ইফালে পদত্যাগী মিণ্টু দৈমাৰীয়ে কোন দলত যোগদান কৰিব সেয়া এতিয়াও নিশ্চিত হোৱা নাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us