বিহালীৰ বিজেপি নেতা অশোক ভট্ট ৰায়ে বৰছলাত বিলাইছে মুখ্যমন্ত্ৰীৰ চিকিৎসাৰ চেক

২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ দিন ক্ৰমাৎ চমু চাপি অহাৰ লগে লগেই শাসকীয় বিজেপি, অগপকে ধৰি কংগ্ৰেছ আৰু আন আন বিৰোধী ৰাজনৈতিক দলবোৰেও শোণিতপুৰ জিলাত নিজৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবৰ কাৰণে উঠি পৰি লাগিছে।

author-image
Asomiya Pratidin
New Update
new ap web 1 (26)

ডিজিটেল সংবাদ, তেজপুৰ : ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ দিন ক্ৰমাৎ চমু চাপি অহাৰ লগে লগেই শাসকীয় বিজেপি, অগপকে ধৰি কংগ্ৰেছ আৰু আন আন বিৰোধী ৰাজনৈতিক দলবোৰেও শোণিতপুৰ জিলাত নিজৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবৰ কাৰণে উঠি পৰি লাগিছে। এনে সময়তে শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিত বিজেপিৰ ভিতৰচ'ৰাত দলীয় প্ৰাৰ্থিত্বক লৈ প্ৰবল লবীকেন্দ্ৰিক ৰাজনীতি গা কৰি উঠিছে।

ইমানেই নহয় নিজকে মুখ্যমন্ত্ৰীৰ অতিকৈ ঘনিষ্ঠ বুলি জহাই ফুৰা বৰছলা সমষ্টিৰ বাহিৰৰ এজন শীৰ্ষ পৰ্যায়ৰ বিজেপি নেতাই চিকিৎসাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে বহু লোকলৈ আগবঢ়োৱা চেক ঘৰে ঘৰে বিতৰণ কৰি ফেচবুকযোগে প্ৰচাৰ চলাই বাঃ বাঃ ল'বলৈ জপিয়াই পৰা ঘটনাক লৈ দলৰ নেতাকৰ্মীসকলক ক্ষুদ্ধ কৰি তুলিছে। ইফালে ক্ষমতাৰ অপব্যৱহাৰ কৰি বিজেপি নেতাজনে স্থানীয় তথা দলৰে নিৰ্বাচিত বিধায়ক গণেশ লিম্বুক নস্যাৎ কৰি এনেদৰে বিভিন্ন প্ৰান্তত চেক বিতৰণ কৰা ঘটনাই দলৰ নেতাকৰ্মী সকলক চৰম অস্বস্তিত পেলাইছে।

উল্লেখ্য যে ২০২৬ বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ বাবে দলৰ প্ৰাৰ্থিত্বক লৈ ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ কিশোৰ উপাধ্যায় আৰু বিধায়ক গণেশ লিম্বুৰ মাজত বিগত কিছু দিন ধৰি মুকলি সংঘাত চলি আহিছে। এইক্ষেত্ৰত দুই নেতাৰ মাজত মুকলি সংঘাতৰ চলি থকাৰ সময়তে হঠাতে বিহালীৰ কুঁহিয়াৰবাৰী নিবাসী তথা প্ৰাক্তন কংগ্ৰেছ নেতা বৰ্তমানৰ ৰাজ্যিক বিজেপিৰ উপ-সভাপতি অশোক ভট্ট ৰায়ে মুখ্যমন্ত্ৰীৰ কাষত থকাৰ সুযোগৰ গইনা লৈ আগন্তুক নিৰ্বাচনত বৰছলা সমষ্টিৰ পৰা যিকোনো প্ৰকাৰে দলৰ প্ৰাৰ্থিত্ব লাভ কৰিবৰ কাৰণে উঠিপৰি লাগিছে।

জানিব পৰা মতে সংৰক্ষণৰ কাৰণেই বিহালী সমষ্টিত প্ৰাৰ্থিত্ব লাভ নকৰাটো নিশ্চিত হোৱাৰ পিছতেই নিজৰ ৰাজনৈতিক ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ বিজেপি নেতা অশোক ভট্ট ৰায়ে অতি কৌশলেৰে এনেদৰে বৰছলা সমষ্টিত প্ৰবেশ কৰিছে। আনহাতে সমষ্টিৰ বাহিৰৰ নেতাজনক কোনো কাৰণতে আদৰি লোৱা নহ'ব বুলি একাংশ নেতাকৰ্মীয়ে জানিবলৈ দিছে।  

অভিযোগ মতে বিধায়ক গণেশ লিম্বু আৰু কিশোৰ উপাধ্যায়ক দলৰ সাংগঠনিক ক্ষেত্ৰত সহযোগীতা কৰা বহু নেতাকৰ্মীৰ সৈতে নেতাজনে কোনোধৰনে যোগাযোগ কৰা নাই। ইয়াৰোপৰি বৰছলাত প্ৰাৰ্থিত্বকেন্দ্ৰিক ৰাজনীতি আৰম্ভ কৰা অশোক ভট্ট ৰাইক কোনো কাৰণতে দলৰ নিষ্ঠৱান নেতাকৰ্মীসকলে গ্ৰহন নকৰে বুলিও কঠোৰভাৱে সকিয়াই দিছে।

উল্লেখ্য যে একেৰাহে দুবাৰকৈ বৰছলাৰ পৰা বিজেপি বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছতো সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্ৰত গণেশ কুমাৰ লিম্বু চূড়ান্তভাৱে ব্যৰ্থ হোৱাত দলে নতুন প্ৰাৰ্থীৰ কথা চিন্তা-চৰ্চা কৰিছে। কিন্ত ইয়াৰ সুযোগ গ্ৰহন কৰিয়ে বিহালীৰ বিজেপি নেতা অশোক ভট্ট ৰায়ে নিজকে প্ৰাৰ্থিত্বৰ অন্যতম দাবীদাৰ ৰূপে দলৰ মজিয়াত তুলি ধৰিব বিচৰাত বৰছলাৰ বিজেপি কৰ্মীসকল বহুধাবিভক্ত হৈ পৰিছে।

উল্লেখ্য যে আগন্তুক নিৰ্বাচনৰ বাবে বিধায়ক গণেশ কুমাৰ লিম্বু আৰু ৰাজ্যিক মুখপাত্ৰ কিশোৰ উপাধ্যায়ে বিগত দিন ধৰি দলীয় প্ৰাৰ্থিত্বৰ বাবে দাবী জনাই আহিছে। ইফালে আগন্তুক নিৰ্বাচনত স্থানীয় নেতাক ওলাই কৰি দলে যদি অশোক ভট্ট ৰাইৰ দৰে বাহিৰৰ নেতাক প্ৰাৰ্থিত্ব প্ৰদান কৰে তেনেহ'লে বিষম পৰিস্থিতি হ'ব বুলি বহু নিষ্ঠাৱান নেতা-কৰ্মীয়ে সকিয়নী প্ৰদান কৰিছে।

জানিব পৰা মতে বিগত সময়ছোৱাত বিহালী সমষ্টিত কোনো বিশেষ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম নোহোৱা এইজন নেতাই বিভিন্ন এলেকাত সামগ্ৰী যোগান ধৰিও ৰাইজৰ কাষ চপাৰ চেষ্টা চলাইছে। এইক্ষেত্ৰত ২০২৬ ত দলে বৰছলাত কাক প্ৰাৰ্থিত্ব প্ৰদান কৰে সেয়া সময়েহে ক'ব যদিও বিহালীৰ নেতা অশোক ভট্ট ৰাইক যে দলৰ গৰিষ্ঠ সংখ্যক নেতাকৰ্মীয়ে গ্ৰহন নকৰে সেই সকলোবোৰ সম্প্ৰতি ওলাই পৰিছে।

বিহালী বিজেপি ড হিমন্ত বিশ্ব শৰ্মা