/asomiyapratidin/media/media_files/2026/02/27/dibyyayya-2026-02-27-20-02-47.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমত অনুসূচীত জাতিৰ একাংশ স্বয়ম্ভূ নেতাই নিজকে অনুসূচীত জাতিৰ অভিভাৱক হিচাপে পৰিচয় দি জাতিটোৰ একাংশ লোকক দীর্ঘদিন ধৰি ব্লেকমেইলিং কৰি মানসিক অত্যাচাৰ চলাই অহাৰ অভিযোগ উত্থাপন হৈছে। দুর্নীতিকে এতিয়া উপাৰ্জনৰ আহিলা হিচাপে ব্যৱহাৰ কৰিছে। বছৰে বছৰে সংগঠন খোলা একাংশ পাবত গজা নেতাই নিজকে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ নামৰ সংগঠনটোৰ নেতা বুলি পৰিচয় দি ২০২৬ চনৰ ১১ ফেব্ৰুৱাৰীৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈ বিভিন্ন সংবাদ মাধ্যমত বিজেপিৰ যুৱ নেতা দিব্যজ্যোতি মেধিৰ জাতিগত প্রমাণপত্ৰ ভূৱা বুলি অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে যুৱ নেতাগৰাকীয়ে।
এক প্ৰেছ বিবৃতিত বিজেপিৰ যুৱ নেতা মেধিয়ে উল্লেখ কৰিছে যে- এই সংগঠনটো ২০২৫ বৰ্ষৰ ২৩ এপ্ৰিলত দিশপুৰ প্ৰেছ ক্লাৱত সংবাদমেল পাতি সংগঠনটোৰ সাধাৰণ সম্পাদক লক্ষ্য হাজৰিকাই সংগঠনটো বন্ধ হোৱা বুলি ঘোষণা কৰিছিল। আনহাতে, অসম অনুসূচিত জাতি পৰিষদৰ সাধাৰণ সম্পাদক বুলি পৰিচয় দি নাৰায়ণ নমঃশূদ্র নামৰ হাজোৰ লোক এজনে এনেই অভিযোগ সংবাদ মাধ্যমত উত্থাপন কৰিলে। অনুসূচিত জাতি পৰিষদৰ সাধাৰণ সম্পাদক দিপাংকৰ হাজৰিকাক এই সন্দৰ্ভত সোধাত নমঃশূদ্র জাতি পৰিষদৰ কোনো পদত নাই বুলি অৱগত কৰে। পৰবৰ্তী সময়ত এই সকলৰ ওপৰত তদন্ত কৰাত গম পোৱা গ'ল যে সংবাদ মাধ্যমত ওলাই থকা যুৱকবোৰ বিভিন্ন অপৰাধত লিপ্ত হৈ থকা লোক যিবোৰৰ আচলতে কোনো গণভিত্তি নাই। যিবোৰে সংগঠনৰ নাম ব্যৱহাৰ কৰিছে সেইবোৰৰ কোনো কেন্দ্রীয় সমিতি, জিলা সমিতি, আঞ্চলিক সমিতি নাই।
লগতে মেধিয়ে বিবৃতিযোগে কয় যে- দুই তিনিজন নেতাই গুৱাহাটীত সংবাদমেল দি সংগঠনটো জীয়াই থকাৰ বাবে ব্যর্থ প্রচেষ্টা কৰি আছে। সদৌ অসম ছাত্ৰ সন্থাৰ আঞ্চলিক সংগঠনৰ পৰা বিত্তীয় খেলিমেলিৰ অভিযোগত বহিষ্কৃত বুলি গম পোৱা নগাঁৱৰ ৰাইদঙীয়াৰ সঞ্জীৱ দাস বিভিন্ন কেলেংকাৰীত অভিযুক্ত বুলি বিভিন্ন থানাৰ এজাহাৰত উল্লেখ আছে। নাৰায়ণ নমঃশূদ্রৰ কেলেংকাৰীৰ তালিকাখন হাজোৰ যিকোনো মানুহক সুধিলেই কৈ দিয়ে। এতিয়া কচুতলিৰ বহু উচ্ছেদিত লোক আৰু জেললৈ যোৱা দুজনমান মানুহ আৰু বাহিৰৰ পৰা আহি সোণাপুৰত মাটিৰ দালালি কৰা দুই এজন লোকৰ নিৰ্দেশত আমাৰ সন্মান লাঘবৰ ব্যৰ্থ প্রচেষ্টা চলাইছে। কচুতলিকে ধৰি সমগ্র ডিমৰীয়া সমষ্টিৰ জনজাতীয় আবেষ্টনীৰ ২২টা স্থানত অতিশীঘ্ৰে চলিবলগীয়া মুখ্যমন্ত্রীৰ উচ্ছেদ অভিযানক ব্যাঘাত জন্মাবলৈ এচাম সন্দেহজনক লোকে অপচেষ্টা চলাই আছে। কচুতলিৰ উচ্ছেদৰ পূৰ্বে বিগত ৩০ বছৰ ধৰি তাত থকা ১১১টা অনুসূচিত জাতিৰ পৰিয়ালক অবৈধ বেদখলকাৰী সকলে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে জীয়াই থাকিবলৈ বাধ্য কৰাৰ সময়ত এই তথাকথিত অনুসূচিত জাতিৰ নেতাসকল ক'ত আছিল সেয়াও আজিৰ তাৰিখত এক বৃহৎ প্রশ্ন।
সমাগত নির্বাচনত ডিমৰীয়া বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰাৰ কথা উল্লেখ কৰি দিব্যজ্যোতি মেধিয়ে বিবৃতিখনত লিখিছে যে- ভাৰতীয় জনতা পাৰ্টিয়ে ডিমৰীয়া সমষ্টিবাসী ৰাইজক সেৱাৰ বাবে মোক উপযুক্ত বুলি ভাবিলে টিকট প্রদান কৰিব। কিন্তু আমাৰ দলত ৰাষ্ট্ৰ প্রথম, দল দ্বিতীয় আৰু নিজে শেষত। যিহেতু নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাটো মোৰ সংবিধানপ্রদত্ত অধিকাৰ সেয়েহে দলে বিবেচনা কৰিলে ডিমৰীয়া সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিম। জন্মসূত্রে মই ডিমৰীয়াৰ খিলঞ্জীয়া যুৱক। বিগত ২৫ বছৰত ডিমৰীয়াবাসী ৰাইজৰ সুখে দুখে প্রতিটো ক্ষণত একেলগে আছো। কিবা অভিযোগ থাকিলে সমষ্টিটোত ৰাইজ অথবা ডিমৰীয়াত থকা ৪০ হাজাৰ অনুসূচিত জাতিৰ ৰাইজে অভিযোগ দিব। ডিমৰীয়াৰ মাটি-পানী-বায়ুৰ সৈতে সম্পর্ক নথকা লোকে ডিমৰীয়াৰ জনতাক কৰা এয়া চূড়ান্ত অপমানৰ নিদর্শন। দুয়োজন লোকৰে মন্তব্য উদ্দেশ্যপ্রণোদিত, মনে সজা আৰু ভিত্তিহীন। ডিমৰীয়াৰ পৰা নিৰ্বাচন খেলিব বিচৰা প্ৰতিজন লোকৰে ক্ষেত্ৰত তদন্ত কৰি সংবাদমেল দিলেও আন এক কথা। কিন্তু সততে ভূৱা অনুসূচিত জাতিৰ প্ৰমাণপত্ৰৰ ক্ষেত্ৰত যিবোৰ মানুহৰ নাম উচ্চাৰিত হৈ আছে বা সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আছে, তেনে লোকক সুৰক্ষা দিবলৈ মোক আক্রমণ কৰা হ'ল বুলিও বহুতৰে সন্দেহ উপজিছে। তেওঁ লোকৰ বিৰুদ্ধে কিয় নিমাত সেয়াও লাখটকীয়া প্রশ্ন। বর্ণবৈষম্যৰ বলি হৈ ছাত্র সংগঠনৰ পৰা বিদায় ল'বলগীয়া হোৱা বুলি যেতিয়া বিভিন্ন সংবাদ মাধ্যমত ২০২৩ বর্ষত বাতৰি প্ৰকাশ হৈছিল তেতিয়া এনে লোকসকল ক'ত আছিল সেয়াও ৰহস্যময়।
সকলো চৰকাৰী বিধি অনুসৰি পূৰ্বপুৰুষৰ তথ্যৰ ভিত্তিত অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ লাভ কৰাৰ লগতে ইতিমধ্যে সমগ্র তথ্য আদালতত দাখিল কৰা বুলি উল্লেখ কৰি বিজেপি যুৱ নেতাগৰাকীয়ে লগতে কয়- মোৰ ৰাজনৈতিক, আইনী পৰামৰ্শদাতা আৰু শুভাকাংশীৰ পৰামৰ্শৰ মতে যোৱা ১৯ ফেব্ৰুৱাৰীত কামৰূপ জিলা আৰু সত্ৰ ন্যায়াধীশৰ অন্তৰ্গত দেৱানী আদালতত সঞ্জীৱ দাস আৰু নাৰায়ণ নমঃশূদ্ৰৰ বিৰুদ্ধে গোচৰৰ নং- Misc. (J) Case No. 205/2026 আৰু i/c with T.S. No. 111/2026ৰ অধীনত ১ কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰিছো। উক্ত বিষয় সমূহ চালি জাৰি চাই মহামান্য আদালতে ২৪ ফেব্ৰুৱাৰী তাৰিখে উক্ত বিষয়ত Ex Party Injunction দিবৰ বাবে উপযুক্ত বুলি বিবেচনা কৰে আৰু সঞ্জীৱ দাস আৰু নাৰায়ন নমশূদ্ৰৰ বিৰুদ্ধে Ex Party Interim Injunctionৰ ৰায় দিয়ে। মহামান্য আদালতে উক্ত নির্দেশত উক্ত ব্যক্তি সকলে বা তেওঁলোকৰ হৈ কোনো মানুহে বা তেওঁলোকৰ কৰ্মীয়ে উক্ত ধৰণৰ মানহানি কৰিব পৰা যিকোনো বিষয়ৰ উপৰত আপত্তিজনক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ বা কোনো নিউজ পর্টেল বা সংবাদ মাধ্যমৰ আগত মন্তব্য প্রকাশ কৰাৰ পৰা বিৰত থাকিবলৈ নির্দেশ দিয়ে।
দুর্নীতি, শোষণ আৰু মানসিক অত্যাচাৰৰ জৰিয়তে অর্থ সংগ্ৰহ কৰি বিলাসী জীৱন কটোৱা অসমৰ বিভিন্ন প্রান্তত একাংশ ভুৱা অনুসূচীত জাতিৰ নেতাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দর্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ পদক্ষেপ গ্রহণ কৰিবলৈ আহ্বান জনাই মেধিয়ে। তেওঁ লগতে জনাই যে- মুখ্যমন্ত্রীক এই সন্দৰ্ভত অতিশীঘ্নে তথ্য ভিত্তিক লিখিত পত্র প্রদান কৰা হ'ব। মার্চ-এপ্রিল মাহৰ ভিতৰত অনুসূচিত জাতিৰ এনে ভণ্ড নেতাসকলৰ দ্বাৰা প্ৰতাৰিত প্ৰায় ৩০জন লোকক লগত লৈ এক সংবাদমেল আয়োজনৰ যোঁ-জা চলাই থকা বুলি উল্লেখ কৰে বিবৃতিত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us