/asomiyapratidin/media/media_files/2025/11/06/new-ap-web-3-15-2025-11-06-21-04-14.jpg)
ডিজিটেল সংবাদ,কোকৰাঝাৰঃ কোকৰাঝাৰৰ সক্ৰিয় বিপিএফ কৰ্মী ৰঞ্জন সাহা আৰু ৰূপম দত্ত ওৰফে অলকেশৰ ঘৰত কালি মাজনিশা ৮/৯ জনীয়া এটা দলে আক্ৰমণ চলোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
বিপিএফ কৰ্মীদ্বয়ৰ ঘৰ -বাৰীত আক্ৰমনতে ক্ষান্ত নাথাকি আক্ৰমনকাৰী দলটোৱে হত্যাৰ ভাবুকি দিয়া পৰ্যন্ত অভিযোগ উঠিছে। এই আক্ৰমণ-ভাবুকি কাণ্ডৰ সৈতে বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা বিজেপি নেতা অৰূপ কুমাৰ দে'ৰ নাম সাঙোৰ খাই পৰিছে ।
আজি কোকৰাঝাৰ সদৰ থানাত ভুক্তোভোগী ৰঞ্জন সাহা আৰু অলকেশ দত্তই আক্ৰমণ কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত অৰূপ কুমাৰ দে' আৰু তেওঁৰ সৈতে থকা ৮/৯ গৰাকী সাংগো- পাংগোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।
পৃথকে পৃথকে দিয়া এজাহাৰত ভুক্তভোগী ৰঞ্জন সাহা আৰু অলকেশ দত্তই অভিযোগ কৰা মতে বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা বিজেপি নেতা অৰূপ কুমাৰ দে'ৰ নেৰ্তৃত্বত তেওঁৰ সতে থকা ৮/৯ গৰাকী সাংগো- পাংগোই মাজনিশা ১২:৩০ তেওঁলোক দুয়োজনৰ ঘৰত অত্যাচাৰ চলায় আৰু ভয় -ভাবুকি প্ৰদান কৰে ।
আক্ৰমণকাৰীৰ দলটোৱে বিপিএফ কৰ্মী ৰঞ্জন সাহাৰ ভবানীপুৰ - তিতাগুৰীৰ ঘৰৰ টিনৰ বেৰত ক্ষতিসাধন কৰাৰ লগতে ফুলৰ টাব,নেট, লাইটৰ ক্ষতিসাধন কৰে। দুখন বলেৰো গাড়ীত অহা দলটোৱে ৰঞ্জন সাহাক বিচাৰি ঘৰত এই আক্ৰমণ চলায় ৷
আনহাতে ৰঞ্জন সাহাৰ ঘৰত আক্ৰমণ চলোৱাৰে পাছতে একেটা দলে বিপিএফ কৰ্মী ৰূপম দত্ত ওৰফে অলকেশৰ কোকৰাঝাৰ চহৰৰ ভি মাৰ্টৰ সন্মুখত থকা ঘৰতো আক্ৰমণ চলায় ৷ ৰূপম দত্ত ঘৰত নথকাত দলটোৱে ৰূপমৰ জ্যেষ্ঠ ভাতৃ অৰিন্দম দত্তক মাৰপিট কৰে আৰু শিল দলিয়াই ঘৰৰ খিৰিকীৰ গ্লাচ ভাঙি চুৰমাৰ কৰে ৷
উল্লেখ্য যে ৰূপম দত্তৰ ঘৰত অহা আক্ৰমণকাৰী দলটোৰ দৃশ্য চি চি কেমেৰত আৱদ্ধ হৈছে। ঘটনা সন্দৰ্ভত ভুক্তভোগী বিপিএফ কৰ্মী ৰঞ্জন সাহা আৰু ৰূপম দত্তই কোকৰাঝাৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উঠিছে।
ইপিনে আক্ৰমনকাৰীয়ে আকৌ ফোনযোগেও ধমকি দিয়া আৰম্ভ কৰিছে। ভুক্তভোগীয়ে বিজেপিৰ নেতা তথা বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৷ তদুপৰি ৰাজ্যিক বিজেপিক বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই গুণ্ডাৰাজ কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে ভুক্তোভোগীয়ে।
ভুক্তভোগীয়ে অভিযোগ কৰা মতে ফকিৰাগ্ৰাম সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী তথা বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে' পৰাজয়বৰণ কৰাৰ পিছতেই তেওঁৰ লগত থকা সাংগো-পাংগো সকলে গুণ্ডাৰাজ আৰম্ভ কৰিছে।
অৰূপ কুমাৰ দে' নাৰী কেলেংকাৰীতো জড়িত থকা বুলি অভিযোগ কৰি ৰূপম দত্তই কয় যে অৰূপ কুমাৰ দে' বিটিচি নিৰ্বাচনত হাৰি এইবাৰ বিজনী বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ মন মেলিছে। বিজনী সমষ্টিৰ পৰা অৰূপ কুমাৰ দে'ক টিকট নিদিবলৈ আহ্বান জনাই তেওঁ কয় যে অৰূপ কুমাৰ দে' নিজে বেংগলী সম্প্ৰদায়ৰ হোৱা সত্বেও বেংগলী সম্প্ৰদায়ৰ লোককে মাৰপিট কৰি আহিছে।
প্ৰণিধানযোগ্য যে বিতৰ্কিত, আত্মঅহংকাৰী বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা বিজেপি নেতা অৰূপ কুমাৰ দে'ই যোৱা বিটিচি নিৰ্বাচনত ফকিৰাগ্ৰাম সমষ্টিৰ পৰা পৰাজয়বৰণ কৰাত তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ অন্ত পৰাৰ সম্ভাৱনাই দেখা দিছে।
নিজৰ ৰাজনৈতিক কেৰিয়াৰ গঢ়ি তুলিবলৈ এইবাৰ কোকৰাঝাৰৰ পৰা বিজনী বিধানসভা সমষ্টিলৈ ঢাপলি মেলিছে অৰূপ কুমাৰ দে'। তদুপৰি ৰাজনৈতিক পথাৰত তেওঁৰ বিৰোধীসকলক ভয়-ভাবুকিৰে দমাই থব বিচৰা বুলিও অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে ।
বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী অৰূপ কুমাৰ দে'ৰ মইমতালিৰ বাবেই যোৱা বিটিচি নিৰ্বাচনত বিজেপিয়ে আশানুৰূপ ফলাফল দেখুৱাব নোৱাৰিলে বুলিও নিৰ্বাচনৰ পিছত ৰাইজৰ মাজত চৰ্চা হৈছিল আৰু বিজেপিৰ বহু দলীয় কৰ্মীয়ে বিজেপিৰ দলীয় সভাত অৰূপ কুমাৰ দে'ৰ বিৰুদ্ধে বিষেদগাৰ কৰিছিল ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us