/asomiyapratidin/media/media_files/2025/08/20/1-2025-08-20-20-50-01.jpg)
ডিজিটেল সংবাদ, চিৰাং: বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰাকক্ষণত ভাৰতীয় জনতা পাৰ্টীৰ কৃষক মৰ্চাৰ উদ্যোগত চিৰাং জিলাৰ কৃষক ৰাইজক কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ বিভিন্ন কৃষি কল্যাণ আঁচনি সন্দৰ্ভত অৱগত কৰিবলৈ কৃষক সজাগতা সভা অনুষ্ঠিত কৰা হয়।
ৰাজ্যিক বিজেপিৰ কিষান মৰ্চাৰ উদ্যোগত চিৰাং জিলা প্ৰশাসন আৰু জিলা কৃষি বিভাগৰ সহযোগত আজি কাজলগাঁৱৰ বঙাইগাঁও শোধনাগাৰ উপনগৰী বিনোদন কেন্দ্ৰত আয়োজিত কৃষক সজাগতা সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী।
সভা আৰম্ভণিৰ পূৰ্বেই প্ৰেক্ষাগৃহত প্ৰৱেশ কৰা জিলা বিজেপিৰ কিষান মৰ্চাৰ প্ৰতিটো মণ্ডলৰ পৰা অহা কৃষক সকলক ফুলাম গামোছাৰে আদৰণি জনায় জিলা কিষান মৰ্চাৰ সভাপতি প্ৰসেনজিত বৰ্মন, ৰাজ্যিক কিষান মৰ্চাৰ কাৰ্য্যনিৰ্বাহক সদস্য ৰবীন্দ্ৰ নাথ দাস অন্যান্য নেতা সকলে।
আজি সভাৰ আৰম্ভণিতে আদৰণি ভাষন প্ৰদান কৰে ৰাজ্যিক কিষান মৰ্চাৰ সভাপতি পঙ্কজ বৰবৰা। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ৰাজ্যিক কিষান মৰ্চাৰ সাধাৰণ সম্পাদক সঞ্জীৱ বৰা। জিলা প্ৰশাসনৰ হৈ কৃষক সকলৰ উদ্দেশি ভাষন প্ৰদান কৰে বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, জিলা আয়ুক্ত যতীন বৰা।
আজি কৃষক সজাগতা সভাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক জি, আৰ, ৰবীন্দ্ৰ ৰাজু জী। আজিৰ সভাত অংশগ্ৰহণ কৰি অসম বিধানসভাৰ অধ্যক্ষ দৈমাৰীয়ে মুখ্য কয় আমাৰ কৃষক সকলেই আমাৰ দেশৰ মূল শক্তি।
কৃষকৰ উন্নয়ণ নহলে দেশৰ উন্নয়ন নহ'ব। আধুনিক পদ্ধতিত কৃষি কৰি কৃষক সকলক আগুৱাই লোৱাৰ বাবে অসম চৰকাৰে বিভিন্ন কল্যাণমূলক আঁচনি গ্ৰহণ কৰিছে। কাৰণ ভাৰত বৰ্ষ কৃষি প্ৰধান দেশ আৰু আমাৰ কৃষক সকলক বাদ দি আমি কল্পনাই কৰিব নোৱাৰো । কৃষক সকলেই দেশৰ অৰ্থনীতিৰ মূল।
লগতে কৃষি বিষয়ক বিভিন্ন পৰামৰ্শমূলক বক্তব্য প্ৰদান কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে। অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ কৃষাণ মৰ্চাৰ সভাপতি - সম্পাদক, ৰাজ্যিক বিজেপিৰ কেবাজনো নেতা, জিলা কৃষি বিভাগৰ বিষয়া সকল,কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী সকল, মীন বিভাগ,পশু চিকিৎসা বিভাগৰ লোক উপস্থিত থাকি কৃষক সকলৰ উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত বিভিন্ন পৰামৰ্শ প্ৰদান কৰে।