/asomiyapratidin/media/media_files/2026/03/05/teryeeuuuu-2026-03-05-17-21-24.jpg)
ডিজিটেল সংবাদ, পশ্চিম কাৰ্বি আংলংঃ পশ্চিম কাৰ্বি আংলঙৰ নৱগঠিত ১১১নং ৰংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত কপিলী সমষ্টিৰ বাপ্লাং আৰু হামৰেণৰ ৰংহাদী অঞ্চলত বৃহস্পতিবাৰে এক যোগদান কাৰ্যসূচীত শতাধিক কংগ্ৰেছ আৰু এপিএইচএলচি কৰ্মীয়ে নিজ দলত্যাগ কৰি বিজেপিত যোগদান কৰে।
এই উপলক্ষে আয়োজিত যোগদান সভাত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে নবাগত কৰ্মীসকলক দলত আদৰণি জনায়। তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে যে, আগন্তুক দিনসমূহত বিজেপি চৰকাৰে সমগ্ৰ কাৰ্বি আংলং জিলাত অধিক উন্নয়নমূলক আঁচনি ৰূপায়ণ কৰি জনসাধাৰণৰ কল্যাণ নিশ্চিত কৰিবলৈ বদ্ধপৰিকৰ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/05/whatsapp-image-2026-03-05-17-35-16.jpeg)
সভাত ইএম মংগল সিং তিমুং, ৰিনা টেৰাংপী, বিধায়ক ৰোপ সিং টেৰন, প্ৰাক্তন ইএম বাজং টিছো উপস্থিত থাকে। লগতে বিভিন্ন বৰ্ডৰ অধ্যক্ষ মহন টিছো, চন্দ্ৰ ইংলেং আৰু বিশিষ্ট চিকিৎসক ডা° জন্ততা পাটৰসহ বিজেপিৰ বহু নেতা-নেত্ৰী সভাত উপস্থিত থাকে। নতুনকৈ বিজেপিত যোগদান কৰা কৰ্মীসকলে আগন্তুক দিনত দলটোক শক্তিশালী কৰাৰ বাবে একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us