/asomiyapratidin/media/media_files/2025/08/21/139-2025-08-21-13-30-59.jpg)
ডিজিটেল সংবাদ, পৰ্বতঝোৰা : পৰ্বতঝোৰাত আগন্তুক বড়োলেণ্ড পৰিষদীয় নিৰ্বাচনকলৈ বিজেপি দলৰ ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে। পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ খ্ৰীষ্টান ধৰ্মালম্বী গাৰো জনগোষ্ঠী অধ্যুষিত চিষ্টিঝোৰা গাঁৱত বিজেপি দলে আয়োদন কৰে এখনি যোগদান সভা।
এই সভাত কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ চিষ্টিঝোৰা গাঁৱৰ প্ৰায় চাৰি শতাধিক খ্ৰীষ্টান ধৰ্মালম্বী গাৰো জনগোষ্ঠীৰ পুৰুষ- মহিলাই আনুষ্ঠানিকভাৱে বিজেপি যোগদান কৰে। যোগদান সভাখনত উপস্থিত থাকে পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ জ্যেষ্ঠ নেতা, ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য, অসম চৰকাৰৰ ভৈয়াম জন-জাতি উন্নয়ন নিগমৰ উপাধ্যক্ষ তথা পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী বনেন্দ্ৰ কুমাৰ মোছাহাৰী লগতে পৰ্বতঝোৰা মণ্ডল বিজেপিৰ বহু নেতা কৰ্মী।
বনেন্দ্ৰ কুমাৰ মোছাহাৰীয়ে ভাষণ প্ৰসংগত BPF আৰু UPPL দলক তীব্ৰ সমালোচনা কৰি কয় যে বড়োভূমিত এই দুটা দলে দীৰ্ঘ সময় শাসন কৰিলে কিন্তু পৰ্বতঝোৰাৰ উন্নয়ন নকৰিলে।BPF দলৰ পৰ্বতঝোৰা সমষ্টিৰ পাৰিষদ মুন মুন ব্ৰহ্মক সমালোচনা কৰি কয় যে মুন মুন ব্ৰহ্মই চিষ্টিঝোৰা অঞ্চলৰ একো উন্নয়ন নকৰিলে বাবে ৰাইজে মোৰ ওচৰত গৈ বিভিন্ন সমস্যাৰ কথা অৱগত কৰাত মই নিজৰ গাঁঠিৰ ধনেৰে গীৰ্জা ঘৰত খোৱা পানীৰ ব্যৱস্থা কৰি দিছোঁ, ৰাস্তা ঘাট ,সাঁকো আদি বনাই দিছো।সেইবাবে ৰাইজ এইবাৰ বিজেপিৰ লগত আছে আৰু পৰ্বতঝোৰাৰ পৰা বিজেপি জিকাটো খাটাং বুলি দাবী মোছাহাৰীৰ।