/asomiyapratidin/media/media_files/2026/03/09/bjpraijrdlll-2026-03-09-18-46-49.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ আসন্ন বিধান সভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ভাৰতীয় জনতা পাৰ্টিৰ 'জন আশীৰ্বাদ যাত্রা' আগবাঢ়ি যোৱাৰ লগে লগে ৰাজ্যজুৰি জনতাৰ উৎসাহ আৰু সমর্থন দিনে দিনে অধিক শক্তিশালী হৈ পৰা পৰিলক্ষিত হয়। ৰাস্তাৰ কাষে কাষে সমবেত হোৱা বৃহৎ জনসমাগম, শিশুয়ে মুখ্যমন্ত্রীৰ সৈতে কথা পতা, মহিলাসকলে আশীর্বাদ জনোৱা এই সকলো দৃশ্যই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি জনতাৰ গভীৰ মৰম আৰু আস্থা প্রতিফলিত কৰিছে।
জিলা আৰু বিধানসভা সমষ্টিসমূহত দেখা পোৱা মৰম আৰু আৱেগিক সম্পর্কই এই যাত্রাক এক বৃহৎ গণ আন্দোলনত পৰিণত কৰিছে।
৮৫টা স্থানত জনতাৰ সৈতে মুখ্যমন্ত্ৰীৰ মত-বিনিময়
জন আশীর্বাদ যাত্রাই মাত্র ৮ দিনত ৰাজ্যৰ ১১খন জিলাৰ ২৯টা বিধানসভা সমষ্টি অতিক্রম কৰিছে। যাত্ৰাৰ বিভিন্ন পর্যায়ত ২৯জন বিধায়ক আৰু ৬জন সাংসদে অংশগ্ৰহণ কৰিছে। এই সময়ছোৱাত মুখ্যমন্ত্রীয়ে ৮৫টা স্থানত জনতাৰ সৈতে মত-বিনিময় কৰি সমাগত নির্বাচনৰ বাবে তেওঁলোকৰ আশীৰ্বাদ বিচাৰিছে।
ইতিমধ্যে যাত্রাই ১০০০ কিলোমিটাৰতকৈ অধিক পথ অতিক্ৰম কৰিছে। এই যাত্ৰাৰ ব্যাপকতা প্রতিফলিত হৈছে এই যাত্ৰাৰ অন্তৰ্গত কাৰ্যসূচীত অনুষ্ঠিত ১,১৭৪টা কাৰ্যসূচীত। গাঁও, নগৰ আৰু চহৰত মিলাই ১৫ লাখতকৈ অধিক মানুহে এই যাত্ৰাত অংশগ্ৰহণ কৰিছে।
২০১৬ চনৰ পৰা এন ডি এ চৰকাৰৰ শাসনত অসমে যি উন্নয়নৰ গতি লাভ কৰিছে, তাৰ প্ৰভাৱ ৰাজ্যজুৰি স্পষ্টকৈ অনুভৱ কৰা পৰিলক্ষিত হৈছে। দ্বৈত ইঞ্জিন চৰকাৰৰ অধীনত ৰাজ্যখনত আন্তঃগাঁথনি, স্বাস্থ্যসেৱা, শিক্ষা আৰু যাতায়াত ব্যৱস্থাত অগ্রগতি সাধন হৈছে। ৰাজ্যত কেইবাখনো নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে, এইমছ গুৱাহাটী ইতিমধ্যে কার্যক্ষম হৈছে, আৰু আই আই এমৰ দৰে প্ৰতিষ্ঠানৰ নির্মাণ তথা প্ৰতিষ্ঠাৰ জৰিয়তে অসম চৰকাৰ মানুহৰ মনৰ মাজত সোমাবলৈ সক্ষম হৈছে।
ৰাষ্ট্ৰীয় ঘাইপথ আৰু সেতুসমূহৰ দ্রুত উন্নয়ন, নতুন ঔদ্যোগিক প্রকল্পৰ লগতে ছেমিকণ্ডাক্টৰ প্ৰকল্প স্থাপনৰ দৰে পদক্ষেপে ৰাজ্যখনত বিনিয়োগ আৰু অর্থনৈতিক বিকাশ অধিক শক্তিশালী কৰিছে। নিজৰ ভাষণত মুখ্যমন্ত্রীয়ে এই সকলো উন্নয়নমূলক সাফল্যৰ কথা উল্লেখ কৰাৰ লগতে অসমৰ পৰা অনুপ্ৰৱেশকাৰীক উৎখাত কৰাৰ সংকল্প পুনৰ ব্যক্ত কৰে।
লগতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অসমৰ প্ৰতি দেখুওৱা বিশেষ মৰম আৰু আগন্তক সময়ত চৰকাৰে পুনৰ দায়িত্ব পালে ৰাজ্যখনৰ বাবে গ্রহণ কৰিবলগীয়া উন্নয়নৰ দৃষ্টিভংগীৰ বিষয়েও তেওঁ জনতাক অৱগত কৰে।
সামাজিক মাধ্যমতো বৃহৎ আলোচনা
জন আশীৰ্বাদ যাত্ৰাৰ আলোচনা কেৱল ৰাজপথৰ মাজতে সীমাবদ্ধ হৈ থকা নাই। সামাজিক মাধ্যমতো এই যাত্রাই এক বৃহৎ আলোচনাৰ বিষয় হৈ পৰিছে। এই যাত্ৰাৰ সময়ত দেখা পোৱা বৃহৎ জনসমাগম আৰু আবেগিক মুহূর্তসমূহৰ ভিডিঅ' আৰু ফটোৰ ব্যাপক ভাগ-বাটোৱাৰা কৰা হৈছে সামাজিক মাধ্যমত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us