/asomiyapratidin/media/media_files/2025/12/27/1-2025-12-27-10-30-08.jpg)
ডিজিটেল সংবাদ,তেজপুৰঃ পশ্চিম কাৰ্বি আংলং জিলাত শেহতীয়াকৈ সৃষ্টি হোৱা দুখজনক আৰু অগ্নিগৰ্ভা পৰিস্থিতিক লৈ সদৌ অসম সাংবাদিক সন্থা (আজু)য়ে গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰিছে। এক প্ৰেছ বিবৃতিযোগে সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ কুমাৰ নাথ,কাৰ্যকৰী সভাপতি সুৰজ দত্ত আৰু সাধাৰণ সম্পাদক নকুল তালুকদাৰে কয় যে বহিৰাগত হিন্দীভাষী লোকৰ প্ৰতি অহেতুক দৰদ আৰু ভোটৰ কুটিল ৰাজনীতি পৰিহাৰ কৰি চৰকাৰে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ সুৰক্ষা নিশ্চিত কৰাটো অত্যন্ত প্ৰয়োজনীয়।
বিশেষকৈ কাৰ্বি আংলঙত কাৰ্বি জনগোষ্ঠীক সকলো প্ৰকাৰৰ নিৰাপত্তা প্ৰদানৰে আশ্বস্ত কৰাৰ লগতে অসময়ৰ জাতীয় জীৱনৰ ভেটি সুৰক্ষিত কৰাৰ বাবে চৰকাৰে উপযুক্ত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা প্ৰয়োজন বুলি মন্তব্য কৰে। লগতে প্ৰেছ বিবৃতিটোত উল্লেখ কৰা হয় যে,দখলদাৰী অখিলঞ্জীয়া লোকৰ আগ্ৰাসনৰ ফলস্বৰূপে পশ্চিম কাৰ্বি আংলং সহ ৰাজ্যৰ বিভিন্ন প্ৰান্তত সম্প্ৰতি খিলঞ্জীয়া লোকৰ অস্তিত্ব বিপন্ন হৈ পৰাটো অতি পৰিতাপৰ বিষয়।
স্বভূমিতেই খিলঞ্জীয়া অসমীয়া লাঞ্চিত হ’ব লগা হোৱা পৰিস্থিতি কোনো কাৰণতেই গ্ৰহণযোগ্য নহয় বুলি সদৌ অসম সাংবাদিক সন্থাই স্পষ্ট কৰে। পশ্চিম কাৰ্বি আংলঙত সংঘটিত সাম্প্ৰতিক ঘটনা সমূহ স্বভূমিত লাঞ্চিত আৰু বঞ্চিত খিলঞ্জীয়া লোকৰ দীৰ্ঘদিনীয়া ক্ষোভ আৰু অসন্তুষ্টিৰ বহিঃপ্ৰকাশ বুলি অভিহিত কৰি বিবৃতিত কোৱা হয় যে কাৰ্বি ভূমিত খিলঞ্জীয়া লোকৰ ওপৰত হোৱা আক্ৰমণ আৰু নিজৰ মাটিতেই বহিৰাগত লোকৰ দ্বাৰা ‘চাইনিজ’ বুলি অপমান কৰা কাৰ্য কেৱল কাৰ্বি জনগোষ্ঠীৰ নহয়,বৰং সমগ্ৰ অসম আৰু অসমীয়াৰ ওপৰত কৰা এক গুৰুতৰ আক্ৰমণ।
অসমৰ প্ৰতিগৰাকী খিলঞ্জীয়ালোকেই এই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ জনোৱাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰি সদৌ অসম সাংবাদিক সন্থাই (আজু) বহিৰাগত শক্তিৰ পৰিকল্পিত আগ্ৰাসনৰ জৰিয়তে থলুৱা জনগোষ্ঠীৰ অস্তিত্ব বিপন্ন কৰাৰ ষড়যন্ত্ৰ প্ৰতিহত কৰিবলৈ সকলোকে সদায় সচেতন আৰু সজাগ হৈ থকাৰ আহ্বান জনায়।
বিবৃতিটোত কোৱা হয় যে বছৰ বছৰ ধৰি অবাধভাৱে বহিৰাগত লোকৰ অবৈধ বসতি,আগ্ৰাসী মনোভাৱ আৰু খিলঞ্জীয়া ভূমিপুত্ৰৰ ওপৰত হোৱা শোষণ-আক্ৰমণৰ বাবেই আজি কাৰ্বি আংলঙত এই ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। খিলঞ্জীয়াৰ ভূমিতেই কাৰ্বি জনগোষ্ঠী সংখ্যালঘুত পৰিণত হোৱাৰ আশংকাত কাৰ্বি সকলে আজি আন্দোলনৰ পথ ল’বলৈ বাধ্য হোৱা বুলিও সদৌ অসম সাংবাদিক সন্থাৰ নেতৃত্বই উল্লেখ কৰে।
অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ স্বাধিকাৰ আৰু সুৰক্ষাৰ বিষয়ত সদৌ অসম সাংবাদিক সন্থাই সদায় সমৰ্থন আগবঢ়াই যাব বুলি স্পষ্ট কৰি কাৰ্বি আংলঙৰ খেৰণিত কাৰ্বি লোক সকলক বৰ্ণবাদী মন্তব্যৰে ‘চাইনিজ’ বুলি অপমান কৰা ঘটনাক তীব্ৰ ধিক্কাৰ জনায়।
এই ঘৃণনীয় কাৰ্যৰ সৈতে জড়িত সকলো দোষীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰাৰ বাবেও সন্থাই দাবী জনায়। তদুপৰি অসমত খিলঞ্জীয়াসমুহ জনগোষ্ঠী সুৰক্ষিত হব লাগে আৰু কাৰ্বি জনগোষ্ঠীৰ ওপৰত চলা বহিৰাগতৰ আগ্ৰাসন ৰোধ হোৱাৰ লগতে সুৰক্ষিত হব লাগে। সদৌ অসম সাংবাদিক সন্থাই কাৰ্বি আংলঙত সকলো পক্ষকে সংযমী হ’বলৈ আহ্বান জনোৱাৰ লগতে অঞ্চলটোত শান্তি-শৃংখলা পুনৰ স্থাপন কৰাৰ বাবে অসম চৰকাৰক যথোপযুক্ত আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।
বহিঃৰাজ্যৰ পৰা আহি চৰকাৰী সুৰুঙাৰে ভূমিক্ৰয় কৰা,ভিজি আৰ-পি জি আৰ আৰু সংৰক্ষিত বনাঞ্চল অবৈধভাৱে দখল কৰি বসতি স্থাপন কৰা আদি বিষয়সমূহত বিস্তৃত তদন্ত কৰি সকলোস্তৰৰ দোষীৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈও সদৌ অসম সাংবাদিক সন্থাই লগতে দাবী উত্থাপন কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us