ওদালগুৰিত বিজেপিৰ নিৰ্বাচনী প্ৰস্তুতি সভা

শুকুৰবাৰে ভাৰতীয় জনতা পাৰ্টি ওদালগুৰি জিলাৰ উদ্যোগত সমাগত বিটিচি নিৰ্বাচন ২০২৫ৰ প্ৰস্ততি সম্পৰ্কে ওদালগুৰি চহৰৰ মাজমজিয়াত এখন নিৰ্বাচন প্ৰস্তুতি সভা অনুষ্ঠিত হৈ যায়।

author-image
Asomiya Pratidin
New Update
TFDFD

ডিজিটেল সংবাদ, ওদালগুৰিঃ শুকুৰবাৰে ভাৰতীয় জনতা পাৰ্টি ওদালগুৰি জিলাৰ উদ্যোগত সমাগত বিটিচি নিৰ্বাচন ২০২৫ৰ প্ৰস্ততি সম্পৰ্কে ওদালগুৰি চহৰৰ মাজমজিয়াত এখন নিৰ্বাচন প্ৰস্তুতি সভা অনুষ্ঠিত হৈ যায়। সভাখনত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‌ইকীয়া, মন্ত্ৰী পীযুষ হাজৰিকা। 

ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে উপস্থিত দলীয় কৰ্মীসকলক উদ্দেশ্যি উল্লেখ কৰে যে, "বিটিচি তথা ওদালগুৰি জিলাত বিজেপিৰ শক্তি বৃদ্ধি হৈছে। এসময়ত যি বুথত ৪-৫ গৰাকী সদস্য আছিল সেই বুথৰ পৰা বৰ্তমান মুখ্যমন্ত্ৰীৰ সভালৈ ৬০-৭০ গৰাকী লোক আহে। বিজেপিৰ প্ৰতি আমাৰ কাৰ্যকৰ্তাসকলৰ মনৰ ইচ্ছা হৈছে নিৰ্বাচনত আমি শক্তিশালীভাৱে অৱতীৰ্ণ হব লাগে আৰু প্ৰতিটো বুথত বিজেপিক জয়যুক্ত কৰিব লাগে। বৃহৎ গণসমাৱেশসমূহ চলি থাকিব কিন্তু আমাৰ কাৰ্যকৰ্তাসকলে বুথত কাম কৰিব লাগিব। দুৱাৰে দুৱাৰে কৰা প্ৰচাৰৰ জৰিয়তে আমি ভোট সংগ্ৰহ কৰিব লাগিব" বুলিও কয় দিলীপ শইকীয়াই।

WhatsApp Image 2025-09-05 at 6.38.58 PM

তেওঁ লগতে উল্লেখ কৰে যে, "ইতিমধ্যে বিজেপিয়ে নিৰ্বাচনৰ বাবে কিছু পৰিকল্পনা কৰিছে আৰু তাক আমি কাৰ্যকৰী কৰিব লাগিব। বিজেপিৰ যুৱমৰ্চা, কিষান মৰ্চা, মহিলা মৰ্চা সকলোৱে নিৰ্বাচনৰ আগত একলগ হৈ কাম কৰিব লাগিব। সকলোৱে কেৱল বিজেপি হিচাপে কাম কৰিব লাগিব। বিজেপি চৰকাৰৰ কাম-কাজসমূহ ৰাইজৰ মাজলৈ লৈ যাব লাগিব। বিজেপিৰ বাবেহে বিটিআৰ অঞ্চলত হোৱা শান্তিৰ কথা ৰাইজক জনাব লাগিব। আমাৰ তিনিটা মূলমন্ত্ৰ হৈছে সুৰক্ষিত, শান্তিপূৰ্ণ আৰু বিকশিত বিটিআৰ। আমি কাকো শত্ৰুতা কৰাৰ প্ৰয়োজন নাই। বিভিন্ন অঞ্চলত আমাৰ ওপৰত হেঁচা আহিব। আমি কোনো কাজিয়া নকৰো কিন্তু আমাৰ ওপৰত অত্যাচাৰ হ'লে আমি আইনী ব্যৱস্থা লম। বিজেপি কৰ্মকৰ্তাসকলে শ্ৰদ্ধা কৰক, সন্মান কৰক কিন্তু ভয় কাকো কৰিব নালাগে" বুলিও তেওঁ মন্তব্য কৰে।

আনহাতে, নিৰ্বাচনী পৰিকল্পনা সন্দৰ্ভত তেওঁ কয়, "আমি পৰিকল্পনা অনুসৰি কাম কৰিম। প্ৰথমে বৃহৎ গণ সমাৱেশ, সমষ্টিয়ে সমষ্টিয়ে সমদল, তাৰ পিছত ভিচিডিচি, বুথ, চোতালে চোতালে সভা অনুষ্ঠিত হব। অৰ্থাৎ সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকক আমি চুব লাগিব আৰু আমাৰ অনুৰোধ জনাব লাগিব। সৌ সিদিনা মনোনয়ন দাখিলৰ সময়ত ওদালগুৰিত যিমান লোকৰ সমাগম হৈছিল বা জনসমুদ্ৰত পৰিণত হৈছিল, আনকি মোৰ লোকসভাৰ মনোনয়ন দাখিলৰ সময়তো সিমান মানুহ হোৱা নাছিল। গতিকে আমি বুজি পালো যে ৰাইজ বিজেপিৰ পক্ষত আছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়ণৰ সৈতে আছে।"

WhatsApp Image 2025-09-05 at 6.38.58 PM (1)

ইফালে, সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শ‌ইকীয়াই কয়, "আমি বিটিচিৰ মুঠ ৩০ টা পৰিষদীয় সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছো। আমি প্ৰায় প্ৰতিটো জনগোষ্ঠীৰ লোককে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছো। যাৰ পৰিপ্ৰেক্ষিতত বিটিআৰত বাস কৰা ২৬ টা জনগোষ্ঠীৰ মাজত আমাৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। ২০২০ চনত স্বাক্ষৰ হোৱা বিটিআৰ চুক্তিখন আমি আগন্তুক দিনত এশ শতাংশ ৰূপায়নৰ বাবে কাম কৰিম। আমি যিহেতু বিটিআৰত ৪০ খন আসনৰ বিপৰীতে ৩০ খন আসনত প্ৰাৰ্থীত্ব প্ৰদান কৰিছো, গতিকে আমাৰ লক্ষ্য ৩০ খন আসনতে জয়লাভ কৰা। অৱশ্যে ইয়াৰ সিদ্ধান্ত ৰাইজে লব যদিও ৰাইজৰ মনৰ ভাৱ তথা আমাৰ প্ৰতি থকা ৰাইজৰ মৰমে আমাক উৎসাহিত কৰিছে।"

আনহাতে, ডি-ভোটাৰ সন্দৰ্ভত মন্তব্য কৰি শ‌ইকীয়াই কয়, "ভাৰতবৰ্ষত কোনো হিন্দু লোকেই বিদেশী নহয়। ভাৰতবৰ্ষ হৈছে একমাত্ৰ হিন্দুস্থান। য'ত হিন্দু সভ্যতা-সংস্কৃতিৰ উৎপত্তি হৈছিল। সনাতনী সভ্যতাৰ ওপৰত বিশ্বাস কৰা প্ৰতিগৰাকী লোকক ভাৰতবৰ্ষত থাকিব দিয়া বা সুৰক্ষা দিয়াটো আমাৰ ৰাষ্ট্ৰীয় কৰ্তব্য। এই কথা লুকাই লাভ নাই, আমি মুকলিভাৱে কৈছো। নাগৰিকত্ব সংশোধনী আইন গৃহীত হোৱাৰ পিছত মাত্ৰ ১২ জনে আৱেদন কৰিছে। তিনিজনক নাগৰিকত্ব দিয়াৰ বিপৰীতে আন নগৰাকীক পৰীক্ষা কৰি থকা হৈছে। ২০২৪-২৫ চনলৈকে ভাৰতবৰ্ষলৈ হিন্দু আহিবলগা নাই" বুলিও তেওঁ উল্লেখ কৰে।

সাংসদ দিলীপ শইকীয়া দিলীপ শইকীয়া