BTC নিৰ্বাচনঃ ১০০ শতাংশ জয় নিশ্চিতৰ দাবী বিজেপিৰ প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মোছাহাৰীৰ

BTCৰ সমষ্টিয়ে সমষ্টিয়ে চলিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ। ভোটাৰৰ মন জয়ৰ বাবে বুথে বুথে নিৰ্বাচনী প্ৰচাৰ চলাইছে বিজেপিৰ প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মোছাহাৰীয়ে।

author-image
Asomiya Pratidin
New Update
BTC নিৰ্বাচনঃ ১০০ শতাংশ জয়  নিশ্চিতৰ দাবী বিজেপিৰ প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মোছাহাৰীৰ

ডিজিটেল সংবাদ পৰ্বতঝোৰাঃ সমাগত BTC নিৰ্বাচন। সমষ্টিয়ে সমষ্টিয়ে চলিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ। ভোটাৰৰ মন জয়ৰ বাবে বুথে বুথে নিৰ্বাচনী প্ৰচাৰ চলাইছে পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মোছাহাৰী। 

কোকৰাঝাৰ জিলাৰ ১নং পৰ্বতঝোৰা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মোছাহাৰীয়ে ভোটাৰ মন জয় কৰিবলৈ ১০টা VCDC ৯২বুথত নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে। বিজেপি দলৰ প্ৰাৰ্থীগৰাকীয়ে মংগলাঝোৰা VCDC ৮টা বুথত নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰি আগন্তক BTC নিৰ্বাচনত উন্নয়ন আৰু শান্তি বাবে ভোটাৰ ৰাইজক বিজেপি ভোট দিবলৈ আহ্বান জনায় ।

প্ৰাৰ্থী গৰাকীয়ে মন্তব্য কৰি কয় যে সদায় মানুহৰ মাজত এটা ভুল ধাৰণা যে বড়ো সকলোৱে বিজেপি ভোট নিদিয়ে, কিন্তু আজি মংগলাঝোৰা VCDC বড়ো অধ্যুষিত এলেকা, সকলোৱে দলে বলে ওলাই আহিছে। পৰ্বতঝোৰা পৰিষদীয় সমষ্টিত অধিকাংশ ভোটাৰ সংখ্যালঘু মুছলমান,গতিকে ইয়াৰ আগতে মই যেতিয়া বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিলোঁ তেতিয়া মুছলমান প্ৰাৰ্থী থকা সত্বেও মোক মুছলমানে ৩ হাজাৰৰ অধিক ভোট দিছিলে।

এতিয়া পৰ্বতঝোৰা পৰিষদীয় সমষ্টিটো জন-জাতিৰ বাবে সংৰক্ষিত গতিকে মুছলমান ভোটাৰ সকলোৱে জন-জাতি বড়ো প্ৰাৰ্থীকে ভোট দিব লাগিব। সেই হেতুকে সংখ্যালঘু মুছলমান সকলোৱে যথেষ্ট ভাবে সহায় কৰিব কাৰণ মোক ভাল দৰে জানে। 

তেওঁ কয়, মই তিনিবাৰ বিধায়ক আছিলোঁ সেই সময়ত যথেষ্ট সংখ্যক সংখ্যালঘু নেতা আৰু মুৰব্বী মোৰ লগতেই আছিল।পিছত কিছুমানে BPF, UPPL ত গৈছিল। এতিয়া আকৌ মোৰ কাষলৈ ঘূৰি আহিছে । মই MCLA প্ৰাৰ্থী হোৱাত উৎফুল্লিত হৈ এতিয়া মোৰ লগত আছে। গতিকে মই অতি কমেও ১০ হাজাৰ মুছলমান ভোট  পাম আৰু ১০০ শতাংশ জয় নিশ্চত। 

পৰ্বতঝোৰা নিৰ্বাচন বি টি চি