কেৱল ধৰ্মৰ নামত উন্মাদ, মিঞাৰ নাথাকে ভাষা-সংস্কৃতিঃ ৰাজ্যিক বিজেপি

সংবাদ মাধ্যমক সম্বোধন কৰি ৰাজ্যিক বিজেপিৰ মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাই বহু কেইটা মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হয়।  তেওঁ কয় যে- মিঞা মুছলমানৰ বাবে ভাষা, সংস্কৃতি বুলি বেলেগ আন কোনো ধাৰণা নাই।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-22 at 6.03.31 PM

ডিজিটেল ডেস্কঃ ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত সংবাদমেল সম্বোধন ভাৰতীয় জনটা পাৰ্টীৰ। সংবাদ মাধ্যমক সম্বোধন কৰি ৰাজ্যিক বিজেপিৰ মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাই বহু কেইটা মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হয়।  তেওঁ কয় যে- মিঞা মুছলমানৰ বাবে ভাষা, সংস্কৃতি বুলি বেলেগ আন কোনো ধাৰণা নাই। তেওঁলোকৰ বাবে ধর্মই শেষ কথা। ধৰ্মৰ নামত যিকোনো পৰ্যায়ৰ অধর্ম কৰিবলৈ এই লোকসকল সকলো সময়তেই সাজু থাকে। 

j1u7ljag_bjp_160x120_19_February_25

শেহতীয়াকৈ বাংলাদেশৰ মৈমনচিং জিলাৰ ভালুকাত সংঘটিত হোৱা দীপু চন্দ্র দাসক জীবন্তে জ্বলাই দিয়াৰ ঘটনা নাইবা অসম আন্দোলনৰ সময়ত অবিভক্ত নগাঁৱৰ বিভিন্ন স্থানত, মঙ্গলদৈৰ গৰুখুটি, ধলপুৰ, ধূলা আদিত সংঘটিত হোৱা অসমীয়া মানুহৰ লোমহর্ষক হত্যাকাণ্ড, তেজপুৰৰ লালেটাপুত মিএল মুছলমানে দাবে ঘপিয়াই হত্যা কৰা নির্মম ঘটনাৱলীৰ সকলোবোৰ সদৃশ ঘটনা। ১৯৮৩ চনত মাছ মৰা জালেৰে মেৰিয়াই লৈ দৰং জিলাৰ গৰুখুটি-ধলপুৰত দাৰে ঘপিয়াই ঘপিয়াই দয়ানাথ শর্মাহঁতক হত্যা কৰা হৈছিল। ঠিক একেদৰে ১৯৮৩ চনৰ ২০ মার্চৰ দিনা তেজপুৰৰ লালেটাপুত ভূপেন ডেকা, প্রসন্ন বৰুৱা, বলিন নাথ, শ্যাম কুণ্ডু, জয়বাম বৰুৱা, বীৰেণ মিশ্ৰ আৰু পলাশ ৰাজবংশীক মিঞা মুছলমানে প্রথমে দাৰে ঘপিয়াই আহত কৰাৰ পাছত ৰত্তাক্ত শৰীৰত শুকান জলকীয়াৰ গুৰি চটিয়াই দি তিল তিলকৈ হত্যা কৰিছিল। জুয়ে পুৰা তিৰাশীৰ এই নির্মম হত্যাকাণ্ড সমূহ মাত্র এসপ্তাহ আগতে বাংলাদেশৰ ভালুকাত সংঘটিত হোবা দীপু চন্দ্র দাস হত্যাকাণ্ডতকৈ কোনো কাৰণতেই কম নাছিল।সেয়ে মিঞা মুছলমানৰ বাবে ধর্ম প্রথম। 

তেওঁলোকে ভাষা, সংস্কৃতি আদি একোকে কেতিয়াও প্রাধান্য নিদিয়ে। নিজৰ ধর্ম স্থাপনৰ বাবে ৰাজনৈতিক আধিপত্য বিস্তাৰ কৰাৰ জৰিয়তে মিএগ্রই কাফেৰ বুলি কৈ অন্যপন্থৰ মানুহক নির্মমভাৱে হত্যা কৰাটো তেনেই স্বাভাৱিক প্রক্রিয়া। বিশ্বৰ প্রান্তে প্রান্তে এনে ঘটনা সদায় সংঘটিত হৈ আহিছে। ছয় বছৰীয়া অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ সময়ত অসমত মিঞা মুছলমানে সংঘটিত কৰা ঘটনাই হওঁক নাইবা বাংলাদেশৰ দীপু চন্দ্র দাস হত্যাকাণ্ডই হওঁক সকলোবোৰ অমানবীয় কাৰ্যৰ আৰত মিঞাৰ উদ্দেশ্য এটাই আছিল, সেয়া হ'ল আগ্রাসন আৰু আধিপত্য" এই মন্তব্য বাজ্যিক বিজেপিৰ মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাৰ।

74b93782-1daa-45e0-a690-389d9635c21d

 লগতে তেওঁ আকৌ উল্লেখ কৰে যে- জনসংখ্যা বিস্ফোৰেণেৰে ৰাজনৈতিক আধিপত্য স্থাপন কৰাৰ পিছত মিঞা মুছলমানে অন্য ধর্মৰ লোকৰ ওপৰত নির্মম অত্যাচাৰ নমাই আনে। বাংলাদেশৰ হিন্দু মুছলমান দুয়োটা ধর্মালম্বী লোকৰে মাতৃভাষা বাংলা। তেওঁলোকৰ সংস্কৃতি বঙালী কিন্তু ধর্ম একে নহয়। সেয়েহে সংখ্যাগৰিষ্ঠ ইছলামধর্মী লোকে সংখ্যালঘু হিন্দুসকলক অবর্ণনীয় অত্যাচাৰ কৰি ধর্মান্তৰণ কৰি আহিছে। দীপু চন্দ্র দাসৰ ঘটনা মিঞা মুছলমানৰ মানসিকতাৰ এটা উদাহৰণ মাত্র বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্র ৰঞ্জীৱ কুমাৰ শর্মাই বর্ণনা কৰে। 

উল্লেখযোগ্য যে, সংবাদ মাধ্যমক সম্বোধন কৰা সময়ত ৰাজ্যিক বিজেপিৰ পেনেলিষ্ট  প্রিয়ংকা তামুলী আৰু গীতার্থ বৰা উপস্থিত আছিল। বাংলাদেশৰ বর্তমান পৰিস্থিতিৰ বাবে জামাত-ই-ইছলামী নামৰ মৌলবাদী সংগঠন আৰু এই সংগঠনে পৰিচালনা কৰা ১ লাখতকৈও অধিক কৌমি মাদ্রাছা প্রত্যক্ষভাবে জড়িত বুলি আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে বাতৰি পৰিবেশন কৰিছে। অর্থাৎ মাদ্রাছা আৰু মাদ্রাছাত শিক্ষা গ্রহণ কৰা সকল মানবীয় সভ্যতাৰ শত্রুলৈ ৰূপান্তৰিত হয়। আমাৰ অসমৰ চৰ-চাপৰিত গোপনে শ শ কৌমি মাদ্রাছা গঢ়ি তোলা হৈছে বুলি উল্লেখ কৰি ৰঞ্জীৱ কুমাৰ  শর্মাই লগতে কয় যে, বাংলাদেশব জামাত-ই-ইছলামী আৰু পাকিস্তানৰ হাক্কানী নেটৱর্কে পৰিচালনা কৰা মাদ্রাছা সমূহৰ পাঠ্যক্ৰমৰ সৈতে অসমৰ চৰ-চাপৰিত থকা কৌমি মাদ্রাছাৰ পাঠ্যক্ৰমৰ বিশেষ কোনো পার্থক্য নাই। এনে মাদ্রাছাসমূহ সাধাৰণতে শ্বৰীয়তৰ মতে পৰিচালিত হয় । 

ৰাজ্যিক বিজেপি