উপ নিৰ্বাচনক লৈ সাজু শাসকীয় দলঃ ৫ সমষ্টিৰ দায়িত্ব প্ৰদান নেতা-বিধায়কক

উপ নিৰ্বাচনক লৈ সাজু শাসকীয় দলঃ ৫ সমষ্টিৰ দায়িত্ব প্ৰদান নেতা-বিধায়কক

author-image
Asomiya Pratidin
New Update
উপ নিৰ্বাচনক লৈ সাজু শাসকীয় দলঃ ৫ সমষ্টিৰ দায়িত্ব প্ৰদান নেতা-বিধায়কক

উত্তৰ কাছাৰ শূন্য বিৰোধীঃ সৰ্বত্ৰে কেৱল বিজেপি...

ডিজিটেল ডেস্কঃ ৰাজ্যৰ ৫ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনক লৈ তৎপৰ হৈছে ৰাজ্যিক বিজেপি। অটল বিহাৰী বাজপেয়ী ভৱনত আগন্তুক উপ নিৰ্বাচনক লৈ ৰণকৌশল তৈয়াৰ কৰিছে বিজেপিয়ে। দলৰ অসম প্ৰদেশৰ সভাপতি ভবেশ কলিতাই এখন নিৰ্বাচনী সমিতি গঠন কৰি ৫ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ দায়িত্ব অৰ্পন কৰে দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তা সকলক।

Advertisment

দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শৰ্মাক উপ নিৰ্বাচনৰ আহ্বায়কৰ দায়িত্ব প্ৰদান কৰা হয়। চিদলী বিধানসভা সমষ্টিৰ বাবে বিধায়ক অজয় ৰায়,বিটিআৰ ৰ কাৰ্যবাহী সদস্য ৰাজীৱ ব্ৰহ্ম আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বিভূতি বৰগয়াৰীকো দায়িত্ব প্ৰদান কৰে।

বঙাইগাঁও সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে অবিচি মৰ্চাৰ ৰাজ্যিক সভাপতি অশ্বিনি ৰায় সৰকাৰ, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বনদীপ ডেকা, বিটিআৰ ৰ কাৰ্যবাহী সদস্য অৰূপ দে' ক দায়িত্ব দিয়ে।

চামগুৰি সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে বিধায়ক জিতু গোস্বামী, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য অনিল শইকীয়া আৰু মহেন্দ্ৰ কোঁৱৰক দায়িত্ব প্ৰদান কৰে।

সমান্তৰালকৈ বিধায়ক কৌশিক ৰায়ক ধলাই বিধানসভা সমষ্টিৰ দায়িত্ব প্ৰদান কৰে। তেওঁক সহযোগিতা আগবঢ়াব ৰাজ্যিক সম্পাদক কণাড পুৰকায়স্থ আৰু কাছাৰ জিলাৰ সাধাৰণ সম্পাদক শশাংক পালে।

বিহালী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ দায়িত্ব প্ৰদান কৰে চাহ জনগোষ্ঠী মৰ্চাৰ সভাপতি দুলেন নায়কৰ লগতে বিধায়কদ্বয় ক্ৰমে দিগন্ত কলিতা আৰু ভূৱন পেগুক।

Also Read: NEET-UGC কেলেংকাৰীৰ দায়িত্ব স্বীকাৰ কৰি দেশৰ শিক্ষামন্ত্ৰীক পদত্যাগৰ দাবী অজাপৰ...

BJP assembly election