বিজেপিৰ ১০টা সংকল্পঃ ইস্তাহাৰত উল্লেখ নাই জনজাতিকৰণৰ প্ৰসংগ…

বিজেপিৰ ১০টা সংকল্পঃ ইস্তাহাৰত উল্লেখ নাই জনজাতিকৰণৰ প্ৰসংগ…

author-image
asomiyapratidin
New Update
বিজেপিৰ ১০টা সংকল্পঃ  ইস্তাহাৰত উল্লেখ নাই জনজাতিকৰণৰ প্ৰসংগ…

ডিজিটেল ডেস্কঃ মঙলবাৰে বিজেপি দলে গুৱাহাটীৰ হোটেল তাজত প্ৰকাশ কৰে নিৰ্বাচনী ইস্তাহাৰ। ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই মুকলি কৰা এই ইস্তাহাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং, নৰেন্দ্ৰ সিং তোমৰৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসকে ধৰি বিজেপিৰ কেইবাগৰাকীও বিষয়ববীয়া।

Advertisment

মুকলি কৰা বিজেপিৰ এই ইস্তাহাৰত প্ৰধানকৈ ১০টা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বিজেপিয়ে। ইয়াৰ ভিতৰত বানপানীমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি বিশেষভাৱে উল্লেখযোগ্য। ইয়াৰোপৰি বিজেপিয়ে এই ইস্তাহাৰত প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যে, অষ্টম শ্ৰেণীৰ পৰা সকলো ছাত্ৰ-ছাত্ৰীকে প্ৰদান কৰা হব চাইকেল।

ভূমিহীনক পট্টা প্ৰদানৰ প্ৰক্ৰিয়া আগন্তুক সময়তো অব্যাহত থকাৰ কথা উল্লেখ আছে ইস্তাহাৰত। নামঘৰ, অৰণোদয় আচঁনিকে ধৰি বিভিন্ন আচনিৰ জৰিয়তে সকলো শ্ৰেণীৰ লোকৰ সবলীকৰণৰ বাবে বিজেপি চৰকাৰে কাম কৰি যাব বুলি বিজেপিৰ সংকল্প পত্ৰত উল্লেখ কৰা হৈছে।

২লাখ লোকক চাকৰিৰ লগতে সমষ্টি পুণঃনিৰ্ধাৰণৰ কামো আগবঢ়াই লৈ যোৱাৰ কথা উল্লেখ আছে ইস্তাহাৰত। প্ৰতিগৰাকী মহিলাক ৩হাজাৰকৈ টকা, এন আৰ চিৰ পৰা অবৈধ লোকৰ নাম কৰ্তন, ৪লাখ লোকক ব্যক্তিগত খণ্ডত চাকৰি, ১০লাখ যুৱ উদ্যোগী সৃষ্টিকে ধৰি বহুকেইটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বিজেপিয়ে।

উল্লেখ্য যে, বিজেপিয়ে প্ৰকাশ কৰা ইস্তাহাৰত নাই জনজাতিকৰণৰ প্ৰসংগ। এই বিষয়ক লৈ ইতিমধ্যে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৰাজনৈতিকম মহলত। ইফালে এই অনুষ্ঠানতে জে পি নড্ডাই মুকলৈকৈ ঘোষণা কৰে যে, দেশত কা বলবত হবই। বিধানসভাই এনে সিদ্ধান্তক টলাব নোৱাৰে বুলিও উল্লেখ কৰে নড্ডাই।