/asomiyapratidin/media/media_files/2025/12/01/new-ap-web-1-5-2025-12-01-14-35-24.jpg)
ডিজিটেল ডেস্কঃ ২০২৫ চনৰ ২৩ এপ্ৰিল । এই দিনটোৰ কথা হয়তো সকলোৰে মনত আছে। বহু নিৰিহৰ প্ৰাণ গৈছিল সেই দিনটোত পেহেলগামত । কেৱল প্ৰাণ কাঢ়াই নহয় ধৰ্মকেন্দ্ৰীক যি প্ৰশ্ন উত্থাপন হৈছিল সেয়া দুনাই কোৱাৰ প্ৰয়জন নাই। সেই সময়তে পেহেলগাম কাণ্ডক লৈ এক বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হৈছিল বিহালীৰ অনিল বনিয়া। কিন্তু সেই অনিল বনীয়া এতিয়া মুকলি আকাশৰ তলত।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/01/whatsapp-image-2025-12-01-14-32-36.jpeg)
সেই ঘটনাই ৭ মাহ অতিক্ৰম কৰিলে। যিগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দোষীক কেতিয়াও ৰেহাই দিয়া নাছিল, সেই মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া নিমাত। প্ৰকৃতাৰ্থত কি হৈছে বিজেপিৰ। এগৰাকী ৰাষ্ট্ৰদ্ৰোহী বিজেপিৰ সদস্যা হোৱাক লৈ বহু প্ৰশ্ন উত্থাপন হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/01/whatsapp-image-2025-12-01-14-33-01.jpeg)
২০২৫ৰ ২৬ নৱেম্বৰত বশিষ্ঠস্থিত অটল বিহাৰী বাজপেয়ী ভৱনত বিজেপিৰ যি যোগদান কাৰ্যসূচী আছিল সেই যোগদান কাৰ্যসূচীত দেখা পোৱা গৈছিল ৰাষ্ট্ৰদ্ৰোহৰ গোচৰৰ অভিযুক্ত অনিল বনিয়াক । সভাপতি দিলীপ শইকীয়া আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিত অভিযুক্ত অনিল বনিয়াই কৰিলে বিজেপিত যোগদান ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/01/whatsapp-image-2025-12-01-14-33-26.jpeg)
২০২৫ৰ ২৬ এপ্ৰিলৰ দিনটোতে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীগৰাকী স্পষ্টভাৱে পোষ্টত উল্লেখ কৰিছিল যে ভাৰতবৰ্ষক বিৰোধীতা কৰি প্ৰত্যক্ষ পৰোক্ষভাৱে পাকিস্তানক সমৰ্থন কৰা কোনো লোকক ৰেহাই দিয়া নহব সেয়া সম্পূৰ্ণৰূপে দেশদ্ৰোহিতা বুলি কৈছিল । কিন্তু কিয় ৰেহাই দিয়া হ'ল অনিল বনিয়াক ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us