/asomiyapratidin/media/media_files/2026/03/03/2cb3efd4-80ba-4bf1-9e84-4fc018c4b4fa-2026-03-03-21-50-19.jpg)
ডিজিটেল ডেস্কঃ আগন্তুক ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ এতিয়া প্ৰতিটো ৰাজনৈতিক দলৰ ব্যাপক কুছকাৱাজ আৰম্ভ হৈছে। শাসকীয় বিজেপি দলৰ লগতে কংগ্ৰেছেও আৰম্ভ কৰিছি জনতাৰ মন জয়ৰ বাবে ভিন্ন পন্থা। বিজেপিয়ে এতিয়ালৈকে প্ৰাৰ্থিত্বৰ তালিকা প্ৰকাশ কৰা নাই। কিন্তু বিৰোধী মিত্ৰজোঁটৰ অংক নিমিলাৰ মাজতে কংগ্ৰেছে প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থিত্বৰ তালিকা।
সকলোৱে ভাৱিছিল যে, ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে সকলোতকৈ আগত প্ৰাৰ্থিত্বৰ তালিকা ঘোষণা কৰিব বিজেপিয়ে। কাৰণ মুখ্যমন্ত্ৰী আৰু বিজেপিৰ সভাপতিগৰাকীয়ে প্ৰাৰ্থিত্বৰ তালিকা প্ৰায় সাজু হৈ থকা বুলি সংবাদমাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি আহিছে। কিন্তু এই সকলোবোৰ মাজত কংগ্ৰেছে অতি সন্তপৰ্ণে ৪২টা সমষ্টিৰ প্ৰাৰ্থী ঠিক কৰি ২০২৬ৰ নিৰ্বাচনৰ বাবে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিলে।
প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰাৰ ক্ষেত্ৰত বিজেপিতকৈ আগত থাকিল কংগ্ৰেছ। বিৰোধী মিত্ৰজোঁটৰ নিমিলা অংকৰ মাজতে কংগ্ৰেছে গ্ৰহণ কৰা এই স্থিতিক লৈ ভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই ৪২টা সমষ্টিৰ ভিতৰত বহুকেইটা সমষ্টি ৰাইজৰ দলেও দাবী কৰিছিল। কিন্তু ৰাইজৰ দলৰ আহ্বানলৈ সহাঁৰি নজনাই কংগ্ৰেছে চূড়ান্ত কৰিলে প্ৰাৰ্থী।
মুঠৰ ওপৰত ২০২৬ৰ নিৰ্বাচনত প্ৰাৰ্থিত্ব তালিকাৰ ক্ষেত্ৰত বিজেপিতকৈ আগত থাকিল কংগ্ৰেছ। এতিয়া ইয়াৰ ফলাফল কি হয়, সেয়া সময়েহে ক'ব।
কংগ্ৰেছে ৪২টা সমষ্টিত প্ৰদান কৰা প্ৰাৰ্থীসকল হৈছে-
- যোৰহাট বিধানসভা সমষ্টিত গৌৰৱ গগৈক প্ৰাৰ্থিত্ব প্ৰদান।
- চামগুৰিত তানজিল হুছেইনক প্ৰাৰ্থিত্ব।
- নলবাৰীত অশোক কুমাৰ শৰ্মাক প্ৰাৰ্থিত্ব প্ৰদান।
- টিহুত ৰাতুল পাটোৱাৰীক প্ৰাৰ্থিত্ব প্ৰদান।
- কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰা আন সমষ্টিসমূহ হৈছে-
- দিশপুৰত মীৰা বৰঠাকুৰ।
- গৌৰীপুৰত আব্দুছ চাবাহান আলী সৰকাৰ।
- বঙাইগাঁৱত গিৰীশ বৰৱা।
- বৰপেটাত মহানন্দ চৰকাৰ।
- বকো- ছয়গাঁওত ৰমেন সিং ৰাভা।
- হাজো- শুৱালকুছিত নন্দিতা দাস।
- কমলপুৰত সত্যব্ৰত কলিতা।
- বৰক্ষেত্ৰীত দিগন্ত বৰ্মন।
- ছিপাঝাৰত বিনন্দ কুমাৰ শইকীয়া
- জাগীৰোডত বুবুল দাস।
- ৰূপহীহাট নৰুল হুদা।
- ৰহাত উতপল বণিয়া।
- লামডিংত চৱমন কোঁৱৰ।
- বৰছলাত ৰিপুণ বৰা।
- বিহপুৰীয়াত নাৰায়ণ ভূঞা।
- জোনাই ৰাজকুমাৰ মেদক।
- দমদমাত দুৰ্গা ভুমিজ।
- মাৰ্ঘেৰিটাত প্ৰতীক বৰদলৈ।
- চাবুৱা- লাহোৱাত প্ৰাঞ্জল ঘাটোৱাৰ।
- নাহৰকটীয়াত প্ৰণতি ফুকন।
- গোলাঘাটত বিতোপন শইকীয়া।
- দুলিয়াজানত ধ্ৰুৱ গগৈ।
- সোণাৰিত উতপল গগৈ।
- ডিমৌত অজয় কুমাৰ গগৈ।
- নাজিৰাত দেৱব্ৰত শইকীয়া।
- মাজুলীত ইন্দ্ৰনীল পেগু।
- টিয়কত পল্লৱী শইকীয়া গগৈ।
- বোকাজানত ৰতন ইংতি।
- ৰংখাংত আগষ্টি ইংতি।
- লক্ষীপুৰত শান্তি কুমাৰ সিনহা।
- উদাৰবন্দত অজিত সিং।
- বৰখলাত ড০ অমিত কুমাৰ পালৱাৰ।
- শিলচৰত অভিজিত পল।
- সোণাইত আমিনুল হক লস্কৰ।
- কৰিমগঞ্জ নৰ্থত জাকাৰি আহমেদ।
- পাথাৰকান্দিত কাৰ্তিক সেন সিনহা।
- ৰাম-কৃষ্ণ নগৰত সুৰচি ৰয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us