‘পাকিস্তানী সম্পদ’ক কলিতে শেষ কৰি দিয়াৰ ব্যৱস্থা কৰা হৈছেঃ বিজেপি

"সমগ্ৰ ভাৰতবৰ্ষকে ধৰি অসমতো কেতিয়াও কোনো "পাকিস্তানী সম্পদ"ব বিকাশ হ'বলৈ ভাৰতীয় জনতা পার্টিয়ে নিদিয়ে বুলি এক প্ৰেছ বিবৃতিত উল্লেখ কৰে বিজেপিয়ে।

author-image
Asomiya Pratidin
New Update
BJPPPPPPPP

ডিজিটেল সংবাদ, গুৱাহাটীঃ "সমগ্ৰ ভাৰতবৰ্ষকে ধৰি অসমতো কেতিয়াও কোনো "পাকিস্তানী সম্পদ"ব বিকাশ হ'বলৈ ভাৰতীয় জনতা পার্টিয়ে নিদিয়ে বুলি এক প্ৰেছ বিবৃতিত উল্লেখ কৰে বিজেপিয়ে। ভাৰতবৰ্ষৰ আভ্যন্তৰীণ নিৰাপত্তাক বিঘ্নিত কৰাৰ লক্ষ্যৰে সন্ত্রাসবাদৰ সহায়ত অস্থিৰতা বিয়পোৱাবলৈ পাকিস্তানে সদায় ষড়যন্ত্র ৰচি আহিছে। চিৰবৈৰী পাকিস্তানৰ এনে ষড়যন্ত্ৰৰ অংশীদাৰ হোৱা শক্তিসমূহক প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে কঠোৰ হাতেৰে দমন কৰাৰ ক্ষেত্ৰত কোনো কৃপণালী কৰা নাই। 

পাকিস্তান প্রেৰিত সন্ত্রাস দমন কৰি দেশত শান্তি-শৃংখলা বর্তাই ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বিভিন্ন ধৰণৰ কঠোৰ পদক্ষেপৰ অংশ হিচাপে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই পূণ্যভূমি অসমতো পদক্ষেপ গ্রহণ কৰি আহিছে। মুখ্যমন্ত্রীৰ কঠোৰ পদক্ষেপৰ বাবেই অসমতো বিকশিত হ'বলৈ ধৰা "পাকিস্তানী সম্পদ"ক কলিতে শেষ কৰি দিয়াৰ ব্যৱস্থা গ্রহণ কৰা হৈছে- এই মন্তব্য বিজেপিৰ ৰাজ্যিক মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাৰ। 

বিজেপি অসম প্রদেশৰ মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত দলৰ মুখপাত্র কল্যাণ গগৈ আৰু পেনেলিষ্ট প্রিয়ংকা তামুলীৰ উপস্থিতিত আয়োজিত সংবাদমেলত প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক অসমত "পাকিস্তানী সম্পদ” বুলি শর্মাই বর্ণনা কৰে। মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতে ৰাজ্য চৰকাৰে গঠন কৰা এছআইটিয়ে প্রকাশ কৰা প্ৰতিবেদনত কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তানৰ সৈতে থকা সম্পৰ্কৰ বিস্তৃত তথ্য সন্নিবিষ্ট কৰি ইতিমধ্যে ৰাজহুৱা কৰা হৈছে।

প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক পাকিস্তানৰ অসম সম্পদ বুলি স্পষ্ট ভাষাৰে বৰ্ণনা কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ গৰাকীয়ে। "পাকিস্তানী সম্পদ" হিচাপে বিকশিত হ'বলৈ প্ৰয়াস কৰা গৌৰৱ গগৈৰ ষড়যন্ত্রক এছআইটিৰ প্রতিবেদনে স্পষ্টৰূপত পোহৰলৈ অনাৰ লগতে কংগ্ৰেছ সভাপতি আৰু তেওঁৰ পৰিয়ালৰ অসম তথা ভাৰত বিৰোধী চৰিত্ৰৰ প্ৰকৃত স্বৰূপ পোহৰলৈ আনিছে। সেয়েহে দেশ বিৰোধী এনে অপশক্তিক সমোলাঞ্চে ধ্বংস কৰি দিয়াৰ কাম ভাৰতীয় জনতা পার্টিৰ ৬৫ লাখতকৈও অধিক কার্যকর্তাই নিষ্ঠাৰে ৰূপায়ণ কৰিব বুলি ৰঞ্জীৱ কুমাৰ শৰ্মাই উল্লেখ কৰে।

বিজেপিৰ বিবৃতিত উল্লেখ কৰা হয় যে- কংগ্ৰেছ দল কেৱল অসম আৰু অসমীয়াৰে শত্রু তেনে নহয়, এই দলটো হৈছে সমগ্ৰ ভাৰতবৰ্ষ আৰু ভাৰতীয়ত্বৰ তথা সনাতনী পৰম্পৰাৰো শত্রু। দিল্লীত অনুষ্ঠিত হোৱা "AI Impact Summit" ত কংগ্ৰেছৰ কিছু সংখ্যক যুৱ কৰ্মীয়ে নিজৰ পোছাক খুলি অর্ধনগ্ন হৈ প্রতিবাদ কৰি এক নাভূত-নাশ্রুত কৰ্মত লিপ্ত হৈছিল। 

এই কাৰ্যৰ দ্বাৰা কংগ্ৰেছে নিজৰ উলংগ স্বৰূপ ৰাইজৰ আগত তুলি ধৰা বুলি কটাক্ষ কৰি ৰাজ্যিক বিজেপিৰ মুখপাত্র শর্মাই লগতে মত পোষণ কৰি কয় যে- কংগ্ৰেছৰ এই অর্ধনগ্ন যাত্ৰাত আচৰিত হ'বলগীয়া একোৱেই নাই। কিয়নো বিদেশী শক্তিৰ সৈতে মিলি দেশৰ গৰিমা লাঘৱ কৰাৰ কামত লিপ্ত কংগ্ৰেছৰ উলংগ স্বৰূপটো ইতিমধ্যে দেশবাসীৰ ওচৰত স্পষ্ট হৈ পৰিছে। আচল কথা হ'ল কংগ্রেছ দল বর্তমান সময়ত নীতিহীন।

বিজেপি