New Update
/asomiyapratidin/media/media_files/2025/10/15/whatsapp-image-2025-10-15-18-31-51.jpeg)
ডিজিটেল ডেস্কঃ কিছুসময় পূৰ্বে ঘোষণা কৰা হ'ল বিহাৰ নিৰ্বাচনৰ বাবে বিজেপিৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা। দ্বিতীয়খন প্ৰাৰ্থী তালিকাত দলটোৱে ১২ টা সমষ্টিত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে।
দ্বিতীয়খন প্ৰাৰ্থী তালিকাত আলিপুৰ বিধানসভাৰ আসনৰ পৰা বিজেপিয়ে জনপ্ৰিয় গায়িকা মৈথিলী ঠাকুৰক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। আনহাতে, প্ৰাক্তন আই পি এছ বিষয়া আনন্দ মিশ্ৰক বাক্সাৰৰ পৰা টিকট দিয়া হৈছে। কিছুদিন পূৰ্বে বিজেপিত যোগদান কৰিছিল আনন্দ মিশ্ৰই।
ইফালে, বিজেপিৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকাত আন কেইবাখনো নতুন মুখ দেখিবলৈ পোৱা গৈছে। দলটোৱে শ্বাহপুৰ, আগিয়াওঁ, আৰু মুজাফ্ফৰপুৰ সমষ্টিত নতুন মুখক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। শ্বাহপুৰৰ পৰা টিকট প্ৰদান কৰা হৈছে ৰাকেশ ওঝাক। যোৱা বিধানসভা নিৰ্বাচনত এই আসনৰ প্ৰাৰ্থী আছিল মুন্নী দেৱী।
একেদৰে, আগিয়াওঁত মহেশ পাছৱানক প্ৰক্ষেপ কৰিছে দলটোৱে। ২০২০ চনৰ নিৰ্বাচনত এই সমষ্টিটোৰ পৰা বিজেপিৰ প্ৰাৰ্থী আছিল শিৱেশ কুমাৰ। বিগত নিৰ্বাচনত বিজেপিৰ সুৰেশ শৰ্মা পৰাস্ত হোৱা মুজাফ্ফৰপুৰৰ পৰা ৰঞ্জন কুমাৰক টিকট প্ৰদান কৰা হৈছে।