২০খন বুলড'জাৰ, সহস্ৰাধিক আৰক্ষীক লৈ বিশ্বনাথত পুৱাৰে উচ্ছেদ আৰম্ভ...

দেওবাৰে পুৱাৰে পৰা বিশ্বনাথৰ ননকে জাপৰিগুৰিত জিলা প্ৰশাসনে আৰম্ভ হৈছে উচ্ছেদ অভিযান। চাৰিটা জনত ভাগ কৰা হৈছে এই উচ্ছেদ অভিযান। দুজনকৈ অতিৰিক্ত আয়ুক্ত আৰু ছয়জনকৈ দণ্ডাধীশে তদাৰক কৰিছে এই উচ্ছেদ অভিযান।

New Update
ujjj

ডিজিটেল সংবাদ, বিশ্বনাথঃ দেওবাৰে পুৱাৰে পৰা বিশ্বনাথৰ ননকে জাপৰিগুৰিত জিলা প্ৰশাসনে আৰম্ভ হৈছে উচ্ছেদ অভিযান। চাৰিটা জনত ভাগ কৰা হৈছে এই উচ্ছেদ অভিযান। দুজনকৈ অতিৰিক্ত আয়ুক্ত আৰু ছয়জনকৈ দণ্ডাধীশে তদাৰক কৰিছে এই উচ্ছেদ অভিযান।

Advertisment

বিশখনকৈ জেচিপি,দহখনকৈ ট্ৰেক্টৰ আৰু আৰক্ষী কঢ়িয়াবলৈ কেইবাখনো লঘু যান বাহনৰ লগতে হাজাৰতকৈ অধিক আৰক্ষী বাহিনী নিয়োগ কৰা হৈছে উচ্ছেদ অভিযানত।

উল্লেখ যে ইতিমধ্যে অবৈধ ভাবে বেদখল কৰা ৩০৯ টা পৰিয়ালে দখল কৰা প্ৰায় ১৭৫ বিঘা ভূমি এৰি ইতিমধ্যে বেদখলকাৰীয়ে নিজৰ ঘৰ দোৱাৰ ভাঙি সা-সামগ্ৰী সমূহ  নিৰাপদ স্থানলৈ স্থানন্তৰ কৰিছে। 

উল্লেখ কৰা প্ৰয়োজন যে,  বিশ্বনাথ জিলা আয়ুক্তৰ নিৰ্দেশ বি এন এছ ১/২০২৩/ বিবিধ/১৪৯ নং হুকুম অনুসৰি অসম ভূমি আৰু ৰাজহ অধিনিয়ম ১৮৮৬ ৰ পট্টন বিধি ১৮(২) আৰু ১৮ (৩) ৰ অধীনত জাননী জাৰি কৰা ১৫ দিনৰ ভিতৰত যি কোনো গাঁথনি ,দোকান ,ঘৰ সকলো নিজৰ ফালৰ পৰা আঁতৰাই নি খালি কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছিল ।

বান আৰু খহনীয়াৰ কবলত পৰি এইসকল লোকে নন'কে জাপৰিগুৰিত আনে বেদখল কৰা ভূমি কম দামত ক্ৰয় কৰিছিল এই ভূমি ।

বিশ্বনাথ