/asomiyapratidin/media/media_files/2025/09/15/rgtyh66-2025-09-15-18-37-39.jpg)
ডিজিটেল সংবাদ, বিশ্বনাথঃ নেৰানেপেৰা বৰষুণৰ ফলত বিশ্বনাথৰ বহু অঞ্চল এতিয়া জলমগ্ন হৈ পৰিছে। দেওবাৰৰ নিশাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বিশ্বনাথৰ কেইবাখনো সৰু সৰু নদীৰ জলপৃষ্ঠ বৃদ্ধি পায়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/15/captureddddddddddddds-2025-09-15-18-40-46.jpg)
বিশ্বনাথৰ সাধাৰু নদীৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে দ-গেৰেকী নামৰ গাঁওখন। গাওঁখনৰ বহু লোকৰ ঘৰত সোমাইছে বাঢ়নী পানী। আনকি ব্ৰইলাৰ ফাৰ্মত পানী সোমোৱাৰ ফলত চোতাল আৰু ঘৰৰ বাৰাণ্ডাত ৰাখিব লগীয়া হৈছে মুৰ্গী। ইতিমধ্যে গাঁও প্ৰধানে বানপানীৰ বিষয়ে উৰ্ধতম কৰ্তৃপক্ষক জনাইছে বুলি জানিবলৈ দিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/15/capturedereefweewf-2025-09-15-18-38-35.jpg)
ইফালে, বিশ্বনাথ নগৰতো বৰষুণৰ পানীয়ে সৃষ্টি কৰিছে কৃত্ৰিম বান। কোনো ধৰণৰ পানী নিষ্কাষণৰ ব্যৱস্থা বিশ্বনাথ চাৰিআলি পৌৰসভাই কৰিব নোৱাৰাৰ বাবেই এতিয়া বিশ্বনাথ নগৰৰ ৫নং ৱাৰ্ডৰ খালপাৰাত দেখা গৈছে কৃত্ৰিম বান। যাৰবাবে সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। একেদৰে বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৰ মহজুলি পথাৰতো বানপানী হৈছে বুলি জানিব পৰা গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us