/asomiyapratidin/media/media_files/2025/11/21/2-2025-11-21-15-56-42.jpg)
ডিজিটেল ডেস্কঃ বিশ্বনাথ মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীক শ্লীলতা হানিৰ অভিযোগত বিশ্বনাথ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জ্যেষ্ঠ অধ্যাপক অজিত দত্তক।জ্যেষ্ঠ অধ্যাপকৰ অসৎ কাৰ্যৰ ন্যায় বিচাৰি মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী তথা ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকল যোৱা ছেপ্তেম্বৰ মাহতেই আৰক্ষীৰ কাষ চাপিছিল।
অভিযোগ মতে বিশ্বনাথ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ জ্যেষ্ঠ অধ্যাপক অজিত দত্তই মহাবিদ্যালয়খনৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ এগৰাকী ছাত্ৰীক গাড়ীৰ ভিতৰত শ্লীলতা হানিৰ চেষ্টা চলায়। এই খবৰ বিয়পি পৰাৰ পিছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল।
উল্লেখ্য যে যোৱা ২৪ আগষ্টত বিশ্বনাথ মহাবিদ্যালয়ৰ নতুনকৈ নাম ভৰ্তি কৰা ছাত্ৰ-ছাত্ৰী সকলৰ এন চি চিৰ বাবে বাছনি চলি আছিল।সিদিনাই ছাত্ৰী গৰাকী মহাবিদ্যালয়ৰ পৰা ঘৰলৈ গৈ থকা সময়ত ঘৰলৈকে লিফ্ট দিম বুলি লম্পট অধ্যাপক অজিত দত্তই ছাত্ৰী গৰাকীক নিজৰ গাড়ীত উঠাই লয়।ইয়াৰ পিছতে অধ্যাপক দত্তই গাড়ীৰ ভিতৰত প্ৰথমে হাতত ধৰে আৰু পিছত শৰীৰৰ বিভিন্ন অংশত স্পৰ্শ কৰাৰ লগতে বলাৎকাৰৰ চেষ্টা চলাই বুলি অভিযোগত প্ৰকাশ কৰিছে ভুক্তভোগী ছাত্ৰীগৰাকীয়ে ।
আনকি অধ্যাপক দত্তই ছাত্ৰী গৰাকীৰ মোবাইল ফোনতো প্ৰতিদিনে আপত্তি জনক মেছেজ দিবলৈ আৰম্ভ কৰিছিল।এই সমস্ত ঘটনা ছাত্ৰী গৰাকীয়ে অৱগত কৰে মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাক ।লগতে অধ্যাপক অজিত দত্তৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ ।
পিছত বিশ্বনাথৰ পৰা পলায়ন কৰা অজিত দত্তই গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ চেষ্টা চলাই আছিল যদিও যোৱা বৃহস্পতিবাৰে সন্ধিয়া আৰক্ষীয়ে অধ্যাপক অজিত দত্তক (গোচৰ নং১৫৮/২৫) ত গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাৰ পিছত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us