দেশ কঁপাই যোৱা সোনাজুলি কাণ্ডৰ আজি ১১ বছৰ সম্পূৰ্ণ

ফুলবাৰী-সোণাজুলিৰ গণহত্যাই কঁপাই তুলিছিল প্ৰতিজন অসমীয়াৰ বুকু। দেশ কঁপাই যোৱা সোনাজুলি কাণ্ডৰ আজি ১১ বছৰ সম্পূৰ্ণ হ'ল।   

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  ২০১৪ চনৰ ২৩ ডিচেম্বৰ, এটা অভিশপ্ত দিন। এই দিনটোতে বিশ্বনাথৰ ফুলবাৰী-সোণাজুলিত উগ্ৰপন্থীৰ নিৰ্বিচাৰ গুলীত প্ৰাণ হেৰুৱাইছিল ৩০ জন নিৰীহ লোকে। উগ্ৰপন্থীৰ এই নৰসংহাৰ কেতিয়াও পাহৰিব পৰা নাই নিহতৰ পৰিয়াল তথা ৰাইজে।ফুলবাৰী-সোণাজুলিৰ গণহত্যাই কঁপাই তুলিছিল প্ৰতিজন অসমীয়াৰ বুকু । দেশ কঁপাই যোৱা সোনাজুলি কাণ্ডৰ আজি ১১ বছৰ সম্পূৰ্ণ হ'ল।   

Phulbari massacre victims were remembered in Biswanath

উল্লেখ্য যে,আজি সেই অভিশপ্ত দিনটো স্মৰণ কৰি তেঁওলোকলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সদৌ অসম  চাওতালী ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতিয়ে।  বিভিন্ন দল সংগঠন আৰু স্থানীয় ৰাইজৰ সহযোগত সোনাজুলীত প্ৰত্যেক বৰ্ষৰ দৰে এইবাৰো শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। 

আনহাতে এই অঞ্চলত চৰকাৰে যিধৰণে সুবিধা দিব লাগিছিল তেনেধৰণৰ সুবিধা পোৱা নাই বুলি উল্লেখ কৰিছে স্থানীয় ৰাইজ আৰু পৰিয়ালে। এতিয়াও খোৱা পানীৰ অভাৱ অঞ্চলটোত। অঞ্চলটোৰ সুৰক্ষাৰ বাবে যি এটা বেটেলিয়ন কেম্প আছিল সিয়ো এতিয়া জৰাজীৰ্ণ অৱস্থা। ইপিনে ৰাইজৰ আহ্বান শীঘ্ৰে অঞ্চলটোৰ সমস্যা সমূহ সমাধান কৰিব লাগে।

সোণাজুলিৰ গণহত্যা