প্ৰমিলা কমাৰৰ কৃতিত্বঃ অসমীয়াত ৮৩% নম্বৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ...

বিশ্বনাথ জিলাৰ হেলেম মৌজাৰ অন্তৰ্গত টকৌবাৰীৰ ৰঙাজান গাঁৱৰ শ্ৰমিক পৰিয়াল পূৰণ কমাৰ আৰু চেমন্তী কমাৰৰ জীয়ৰী প্ৰমিলাই পূৱ বুৰৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা উক্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল

author-image
Asomiya Pratidin
New Update
cc

ডিজিটেল সংবাদ,ছয়দুৱাৰ:  শেহতীয়াকৈ ঘোষণা হোৱা মেট্ৰিকৰ ফলাফলত সফলতা আজুৰি আনিলে বিশ্বনাথৰ টকৌবাৰীৰ ৰঙাজান গাঁৱৰ প্ৰমিলা কমাৰে। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত অসমীয়া বিষয়ত লেটাৰ(৮৩%) নম্বৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ছাত্ৰী গৰাকী।

Advertisment

উল্লেখ্য যে, পিতৃহাৰা ছাত্ৰী প্ৰমিলা কমাৰে বিদ্যালয় বন্ধৰ দিনত স্থানীয় ক্ষুদ্র চাহ বাগিচাত পাত তুলি মাকক সহায় কৰি দিয়ে। প্ৰমিলাৰ পিতৃৰ মৃত্যুৰ পিছত দিন হাজিৰা কৰি পোৱা ধনেৰে ঘৰ চলাব নোৱাৰে মাতৃয়ে সেয়ে বিদ্যালয় ছুটীৰ পিছতো মাকৰ লগত পাত তোলে প্ৰমিলাই।

বিশ্বনাথ জিলাৰ হেলেম মৌজাৰ অন্তৰ্গত টকৌবাৰীৰ ৰঙাজান গাঁৱৰ শ্ৰমিক পৰিয়াল পূৰণ কমাৰ আৰু চেমন্তী কমাৰৰ জীয়ৰী প্ৰমিলাই পূৱ বুৰৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা উক্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

বিশ্বনাথ