অৱসৰপ্ৰাপ্ত সেনা জোৱানৰ নিকৃষ্ট কাণ্ড

ৰাজ্যত পুনৰ সংঘটিত হৈছে জঘন্য ঘটনা। এগৰাকী অৱসৰপ্ৰাপ্ত সেনা জোৱানৰ নিকৃষ্ট কাণ্ড।  বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰিগাঁৱত ধন বৰা নামৰ অৱসৰপ্ৰাপ্ত সেনা জোৱানৰ নিকৃষ্ট কাণ্ড।

author-image
Asomiya Pratidin
New Update
armyhehhe

ডিজিটেল সংবাদ, বিশ্বনাথঃ ৰাজ্যত পুনৰ সংঘটিত হৈছে জঘন্য ঘটনা। এগৰাকী অৱসৰপ্ৰাপ্ত সেনা জোৱানৰ নিকৃষ্ট কাণ্ড। 

বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰিগাঁৱত ধন বৰা নামৰ অৱসৰপ্ৰাপ্ত সেনা জোৱানৰ নিকৃষ্ট কাণ্ড। ১৫ বছৰীয়া এগৰাকী নাবালিকাক ঘৰৰ পৰা ফুচুলাই ব্যক্তিগত বাহনত নি ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে। 

নাবালিকাগৰাকীৰ পৰিয়ালৰ লোকে অৱসৰপ্ৰাপ্ত সেনা জোৱান ধন বৰাৰ বিৰুদ্ধে উত্থাপন কৰিছে এই অভিযোগ। বিশ্বনাথ আৰক্ষীয়ে অভিযোগ উত্থাপনৰ পাছত আটক কৰে ধন বৰাক। 

ইতিমধ্যে অৱসৰপ্ৰাপ্ত সেনা জোৱান বৰাক ২৭/২৬ গোচৰৰ ভিত্তিত  U/S 12 Of POCSO Act.ৰ অধীনত জে’ল হাজোতলৈ প্ৰেৰণ কৰে।

বিশ্বনাথ