/asomiyapratidin/media/media_files/2025/11/05/ferererere-2025-11-05-12-35-25.jpg)
ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশ্বনাথত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা বিশ্বনাথ ৰাস মহোৎসৱৰ আজি দ্বিতীয় নিশাৰ কাৰ্যসূচীত শিশু কৃষ্ণৰ ৫ খনকৈ নাটিকাৰ লগতে পৰিৱেশন কৰা হৈছে কালজয়ী কেলিগোপাল নাট।
ৰাস মহোৎসৱক লৈ বিশ্বনাথত লোকাৰণ্য পৰিৱেশ দেখিবলৈ পোৱা গৈছে। উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাসোৎসৱ সমিতিৰ উদ্যোগত ৰে'লগেটত অনুষ্ঠিত হোৱা এই ৰাস মহোৎসৱ এইবাৰ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গিত কৰিছে উদযাপন সমিতিয়ে।
উল্লেখ্য যে, বিগত দুটা বৰ্ষৰ দৰে এইবাৰো ৫ নৱেম্বৰত বিশ্বনাথ ৰাস মহোৎসৱলৈ অহাৰ কথা আছিল জুবিন গাৰ্গ। বিগত বৰ্ষত জুবিন গাৰ্গে সংগীতৰ কোঠাত বহি তবলা বজাইছিল। সেইবাবে এইবাৰ ৰাস উদযাপন সমিতিয়ে জুবিনৰ বাবে এখন চকী আছুতীয়াকৈ ৰাখি থৈছে। আনহাতে, জুবিনৰ এখন ছবি অংকন কৰিছে শিল্পী নিলীম মহন্তই।
ইফালে, এই ৰাস মহোৎসৱতে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ প্ৰতিকৃতিক পঘাৰে ডিঙিত বান্ধি ফাঁচি দি ন্যায় বিচাৰিলে ৰাইজে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us