/asomiyapratidin/media/media_files/2025/11/10/178-2025-11-10-08-01-15.jpg)
ডিজিটেল সংবাদ, বিশ্বনাথ : ৰাজ্যজুৰি ছয় জনগোষ্ঠীৰ জনজাতি কৰণৰ দাবীত দেওবাৰে বিশ্বনাথত বিশ্বনাথ জিলা টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাই ২০২৬ পূৰ্বেই জনজাতিকৰণৰ দাবীত জোঁৰ সমদল বাহিৰ কৰে ৷ বিশ্বনাথৰ বীণাপাণি নাট্য সমাজৰ পৰা ক্লক টাৱাৰলৈকে এক বিশাল জোঁৰ সমদল উলিয়াই জনজাতি কৰণ বিচাৰি বিশ্বনাথৰ ৰাজপথ কপাঁই তোলে ৷
সমদলৰ পূৰ্বে হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শতাধিকলোকে হাতে হাতে জোঁৰলৈ “মৰিলে মৰি যাম জনজাতিকৰণ লৈ যাম “ আদি চৰকাৰ বিৰোধী শ্লোগান প্ৰদৰ্শন কৰি ন্যায্য প্ৰাপ্তিৰ দাবীত বিশ্বনাথৰ আকাশ বতাহ কঁপাই তোলে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us