/asomiyapratidin/media/media_files/2025/11/27/whatsapp-imag-2025-11-27-16-03-15.jpeg)
ডিজিটেল সংবাদ,গহপুৰঃ বিশ্বনাথ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অজাগৌৰাণ বসুমতাৰীৰ বিশেষ তৎপৰতাত আৰু বিশ্বনাথ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক,গহপুৰ সমজিলাৰ আৰক্ষী অধীক্ষক, এছ টি এফৰ লগতে ওয়াইল্ড লাইফ ক্রাইম কন্ট্রোল বৰ্ডৰ নেতৃত্বত চলোৱা এক কৌশলপূৰ্ণ অভিযানত গ্ৰেপ্তাৰ ৫ দুৰ্ধষ গড় চিকাৰী।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/27/what-2025-11-27-20-18-00.jpeg)
উল্লেখ্য যে, বিশ্বনাথ জিলাৰ গহপুৰ সমজিলাৰ অন্তৰ্গত হেলেম আৰক্ষী থানাৰ এলেকাধীন ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া ডাঠকলাৰ সমীপৱৰ্তী ফৰছেতাপুৰ পৰা গ্ৰেপ্তাৰ হয় চোৰাং গড় চিকাৰী পাঁচটা। ধৃত গড় চিকাৰী পাঁচটা ধেমাজিৰ গেৰুকামুখ আৰক্ষী থানাৰ অন্তৰ্গত মিংমাং জেংৰাই গাঁৱৰ গমন দলেৰ পুত্ৰ কোষেশ্বৰ দলে,মিংমাং বদতী গাঁৱৰ দিলিপচন টায়ুঙৰ পুত্ৰ বিনন্দ টায়ুং,লখিমপুৰ জিলাৰ পানীগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বালিগাঁৱৰ অসম পেগুৰ পুত্ৰ উৎপল পেগু,অৰুণাচল প্ৰদেশৰ ল'ৱাৰ ছিয়াং জিলাৰ কাংগকু আৰক্ষী থানাৰ অন্তৰ্গত মিংমাং গাছি গাঁৱৰ টাবা গিন'ৰ পুত্ৰ তামাৰ গিন' আৰু লখিমপুৰ জিলাৰ বিহপুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত বৈঠাখনা গাঁৱৰ বাবুলাল দলেৰ পুত্ৰ ৰূপেশ্বৰ দলে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/27/whatsapp-image-2-2025-11-27-20-18-17.jpeg)
তাৰোপৰি কাজিৰঙা ষষ্ঠ সংযোজন এলেকাৰ ফৰছেতাপুত গড় চিকাৰৰ বাবে উক্ত গড় চিকাৰী কেইটাই প্ৰৱেশ কৰা বুলি সন্দেহ কৰা হৈছে।ইপিনে আন দুই দুৰ্ধষ গড় চিকাৰী লক্ষ্য পেগু আৰু লীলা দলে পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে। ইপিনে পলাতক দুই গড় চিকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে বিশ্বনাথ আৰক্ষীৰ।চোৰাং গড় চিকাৰীৰ বিৰুদ্ধে বিশ্বনাথ আৰক্ষীয়ে চলোৱা এই সফল অভিযানক শলাগ লৈছে জিলাখনৰ সচেতন ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে। উক্ত গড় চিকাৰী পাঁচটাৰ বিৰুদ্ধে যাবতীয় আইনী ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us