/asomiyapratidin/media/media_files/2025/09/19/ujjjd-2025-09-19-13-55-38.jpg)
ডিজিটেল সংবাদ, বিশ্বনাথঃ বহুজনৰ নামত সামাজিক মাধ্যমত ভুৱা একাউণ্ট খুলি নিদ্ৰাহৰণ কৰিছল বিশ্বনাথৰ বালিপুখুৰীৰ ৰূপম বৰুৱা নামৰ যুৱক জনে৷ এই দুস্কাৰ্যক নিজৰ পেচা হিচাপে লৈছিল ৰূপমে৷ নিজে ভুৱা একাউণ্ট খুলি গৰাকীৰ লগত যোগাযোগ কৰি একাউণ্ট নিষ্ক্ৰিয় কৰি দিয়াৰ নামত চাৰি-পাঁচ হেজাৰ টকা দাবী কৰি লৈ আহিছিল ৰূপমে৷
অৰ্থাৎ "সাপহৈ ফুঁটি,বেজ হৈ জাৰে”৷ সমাজৰ শিক্ষক,সাংবাদিক,মহিলা কোনো সাৰি যোৱা নিছিল ৰূপমৰ পৰা৷ “এশ গৰু মাৰিলে বাঘৰো মৰণ”ৰ দৰে ধৰা পৰিল ৰূপম ৷ৰূপমৰ অসৎ উপায়ৰে ধন ঘটা কাৰ্য অৱশেষত পোহৰলৈ আহিল আৰক্ষীৰ অনুসন্ধানত৷ শুক্ৰবাৰে বিশ্বনাথৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল-হাজোতলৈ প্ৰেৰণ কৰে ৰূপমক৷