বিশ্বনাথত জব্দ বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা…

বিশ্বনাথত জব্দ বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা…

author-image
asomiyapratidin
New Update
বিশ্বনাথত জব্দ বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা…

ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশ্বনাথ জিলা আবকাৰী বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা।As25CC-8900 নম্বৰৰ এখন ট্ৰাকত অবৈধ ভাবে গহপুৰৰ দিশৰ পৰা তেজপুৰ অভিমুখে অবৈধ অৰুণাচলী সুৰাখিনি লৈ গৈ থকা অবস্থাত বিশ্বনাথ জিলা আবকাৰী বিভাগৰ অভিযানকাৰী দল এটাই বিশ্বনাথৰ প্ৰতাপগঢ় চাহ বাগিচাৰ সমিপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জব্দ কৰে সুৰা ভৰ্তি ট্ৰাকখন।

Advertisment

ইফালে আবকাৰী বিভাগৰ অভিযান কাৰী দলটোক দেখা লগে লগে অবৈধ সুৰা কঢ়িয়াই নিয়া ট্ৰাক চালকজন পলায়ন কৰে।পিছত আবকাৰী বিভাগৰ দলটোয়ে কেৰেং গাড়ীৰ সহায়ত সুৰা ভৰ্তি ট্ৰাকখন লৈ আনে নিজৰ কাৰ্যালয়ত।ট্ৰাকখনত অনুমানিক তিনি শ কাৰ্টুন মান অবৈধ সুৰা আছে বুলি জানিব দিছে আবকাৰী বিভাগে।