/asomiyapratidin/media/media_files/2025/08/17/ujjjjd-2025-08-17-00-39-04.jpg)
ডিজিটেল ডেস্কঃৰাজ্যৰ বিভিন্ন স্থানৰ লগতে দেওবাৰে প্ৰশাসনৰ বুলড'জাৰ চলিব বিশ্বনাথত । বিশ্বনাথ জিলাৰ নন'কে জাপৰিগুৰি গাঁৱৰ ৩০৭ টা পৰিয়ালে বেদখল কৰি ৰাখিছিল ১৭৫ বিঘা ভি জি আৰ ভূমি । জিলা প্ৰশাসনে এই বেদখলকাৰীক উচ্ছেদৰ জাননী দিয়াৰ পিছতে ইতিমধ্যে লোকসকলে নিজেই ভাঙি পেলাইছে বেদখলকৃত ভূমিত নিৰ্মাণ কৰা ঘৰসমূহ ।
উত্তৰ অসমৰ বিশ্বনাথ জিলাত ৰাজহ বিভাগে যোৱা ১ আগষ্টত জাৰি কৰিছিল উচ্ছেদৰ জাননী । বিশ্বনাথ জিলাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ তৰফৰ পৰা যোৱা ১ আগষ্টত জিলাখনৰ জাপৰিগুৰি অঞ্চলৰ প্ৰায় ৩০৯ পৰিয়াললৈ উচ্ছেদৰ জাননী জাৰি কৰিছিল ।
বিশ্বনাথ জিলা আয়ুক্তৰ নিৰ্দেশ বি এন এছ ১/২০২৩/ বিবিধ/১৪৯ নং হুকুম অনুসৰি অসম ভূমি আৰু ৰাজহ অধিনিয়ম ১৮৮৬ ৰ পট্টন বিধি ১৮(২) আৰু ১৮ (৩) ৰ অধীনত জাননী জাৰি কৰা ১৫ দিনৰ ভিতৰত যি কোনো গাঁথনি ,দোকান ,ঘৰ সকলো নিজৰ ফালৰ পৰা আঁতৰাই নি খালি কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে ।
উল্লেখযোগ্য যে, বান আৰু খহনীয়াৰ কবলত পৰি এইসকল লোকে নন'কে জাপৰিগুৰিত আনে বেদখল কৰা ভূমি কম দামত ক্ৰয় কৰিছিল এই ভূমি ।