/asomiyapratidin/media/media_files/2026/01/25/1-2026-01-25-20-58-19.jpg)
ডিজিটেল ডেস্কঃ অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ বিশ্বনাথ চাৰ্কল সমিতিৰ সপ্তম অধিৱেশন আজি বৰগাং চাহ বাগিচাৰ শ্ৰমিক ভৱনত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হয়। সংঘৰ কেন্দ্ৰীয় সমিতিৰ সদস্য বদন মুণ্ডাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত চাহ শ্ৰমিকৰ বিভিন্ন জ্বলন্ত সমস্যা আৰু চৰকাৰৰ ভূমিকা সন্দৰ্ভত আলোচনা কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/25/whatsapp-image-2026-01-25-20-58-41.jpeg)
অধিৱেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ কেন্দ্ৰীয় সভাপতি বিবেক দাসে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে- বৰ্তমানৰ চৰকাৰখনে চাহ শ্ৰমিকক আইনী প্ৰাপ্য প্ৰদান কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে। বিবেক দাসে ক্ষোভ প্ৰকাশ কৰি কয় যে- "বিজেপিয়ে ১০ বছৰ পূৰ্বে শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাৰ যি প্ৰতিশ্ৰুতি দিছিল, সেয়া আজি ১০ বছৰৰ পাছতো পূৰণ নহ'ল। আনকি শ্ৰমিকৰ দখলত থকা মাটিৰ পট্টা প্ৰদান আৰু জনগোষ্ঠীটোক জনজাতিকৰণৰ বিষয়টোও বৰ্তমান এক ভেকুৱাওনাত পৰিণত হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/25/whatsapp-image-20-2026-01-25-20-59-15.jpeg)
উল্লেখযোগ্য যে, অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘই দীৰ্ঘদিন ধৰি ৫৫১ টকা দৈনিক মজুৰি, মাটিৰ পট্টা, জনজাতিকৰণৰ দাবী তথা শ্ৰমিকৰ ওপৰত চলা বিভিন্ন শোষণ-নিৰ্যাতনৰ বিৰুদ্ধে ধাৰাবাহিক সংগ্ৰাম চলাই আহিছে।এই প্ৰতিনিধি সভাত বৰগাং, ৰঙাগড়, বুৰৈ, মোনাবাৰী, জিনজিয়া, বৰবিল, বৰগাং, বিহালী আৰু কেটেলা আদিকে ধৰি মুঠ ১০ খন চাহ বাগিচাৰ প্ৰতিনিধিসকল উপস্থিত থাকে। সভাত বিদায়ী চাৰ্কল সমিতিৰ সভাপতি নৰোত্তম চুণ্ডী আৰু সম্পাদক কৃষ্ণ পাইকেও অংশগ্ৰহণ কৰে। প্ৰতিনিধিসকলে বিশ্বনাথৰ চাহ বাগিচা সমূহৰ সমস্যাৰ লগতে সমগ্ৰ অসমৰ চাহ শ্ৰমিকৰ সমস্যাসমূহৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা আগবঢ়ায়।
ইপিনে অধিৱেশনৰ অন্তত অনাগত দিনৰ বাবে ৩৫ জনীয়া এখন শক্তিশালী বিশ্বনাথ চাৰ্কল সমিতি গঠন কৰা হয়। নৱগঠিত সমিতিখনে সৰ্বসন্মতিক্ৰমে নৰোত্তম চুণ্ডীক পুনৰবাৰ সভাপতি আৰু কৃষ্ণ পাইকক সম্পাদক হিচাপে নিৰ্বাচিত কৰে। লগতে উপ-সভানেত্ৰী হিচাপে তিলেশ্বৰী গোৱালা আৰু সহ-সম্পাদক হিচাপে চাজেন প্ৰজাক দায়িত্ব অৰ্পণ কৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us