/asomiyapratidin/media/media_files/2026/01/17/new-ap-web-5-23-2026-01-17-12-24-37.jpg)
ডিজিটেল ডেস্কঃ ভকত বৈষ্ণৱৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে বিশ্বনাথৰ মঘাই ওজা বিহুতলী। যোৱা ১৬ জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ পঞ্চদশ ৰাজ্যিক দ্বি বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয়তো দিন।
/asomiyapratidin/media/post_attachments/086ace47-68c.png)
ভকত বৈষ্ণৱৰ হৰিনামৰ ধ্বনিৰে দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে বিশ্বনাথৰ মঘাই ওজা বাকৰি। বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ আগমণ ঘটিছে এই দ্বিতীয় বৈকুণ্ঠপুৰীলৈ। ৰাজ্যিক সভাপতি মাণিক গগৈয়ে পুস্পসজ্জিত বেদীত উঠি ধৰ্মধ্বজা উত্তোলন কৰাৰ পাছতে এনদৰে আই সকলে হৰিনাম গাই আকাশ বতাহ মুখৰিত কৰি তোলে।
উল্লেখ্য যে, এই অনুষ্ঠানতে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ আৰু অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইপিনে ,মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ পঞ্চদশ ৰাজ্যিক অধিৱেশনত তিনিদিনীয়াকৈ এখন প্ৰদৰ্শনী আৰু গ্ৰন্থমেলাও অনুষ্ঠিত হৈছে। কাইলৈ সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হ'ব।
/asomiyapratidin/media/post_attachments/f6482a55-737.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us