/asomiyapratidin/media/media_files/2026/01/10/1-2026-01-10-21-40-43.jpg)
ডিজিটেল ডেস্কঃ অসমৰ অন্যতম প্ৰাচীন জনগোষ্ঠী বড়ো সকলৰ লোক নৃত্য বাগৰুম্বাক সমগ্ৰ বিশ্বতে উদ্ভাসিত কৰি তোলাৰ বাবে অসম চৰকাৰে অহা ১৭ জানুৱাৰীত সৰুসজাইৰ ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত সমূহীয়া প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে। প্ৰায় ৮ হেজাৰোধিক শিল্পীয়ে পৰিৱেশন কৰিব লগা বাগৰুম্বা দহৌ শীর্ষক নৃত্যানুষ্ঠানটিৰ বাবে প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/10/whatsapp-image-20-2026-01-10-21-36-57.jpeg)
উল্লেখযোগ্য যে, বিশ্বনাথৰ পৰা ৩৮৬ গৰাকী নৃত্যশিল্পী যাব গুৱাহাটীলৈ। বিশ্বনাথ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখৰ কাছাৰী ময়দানত নৃত্যশিল্পীসকলে আজি অন্তিম আখৰা কৰা পৰিলক্ষিত হয়। যোৱা দুদিন ধৰি বিশ্বনাথৰ বিভিন্ন স্থানত আখৰা কৰাৰ পাছত আজি বিশ্বনাথত অন্তিম আখৰাত ব্যস্ত হৈ পৰে জিলাখনৰ বিভিন্ন বাগৰুম্বা নৃত্য দলৰ শিল্পী সকল। কাইলৈ গুৱাহাটীলৈ ৰাওনা হ'ব এইসকল শিল্পী।
/asomiyapratidin/media/post_attachments/30d03e32-2cb.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us