/asomiyapratidin/media/media_files/2025/12/25/whatsapp-image-202-2025-12-25-17-23-41.jpeg)
ডিজিটেল ডেস্কঃ আজি বিজেপি দলৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ ওপজা দিন ৷ বিজেপিয়ে আজিৰ দিনটো পালন কৰে সুশাসন দিৱস হিচাপে ৷
/asomiyapratidin/media/post_attachments/e7b469f5-29d.jpg)
উল্লেখ্য যে, প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ওপজা দিনটোত বিশ্বনাথ জিলা বিজেপিৰ কাৰ্যালয়ত স্থাপন কৰা অটল বিহালী বাজপেয়ীৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই বাজপেয়ীৰ জন্ম দিনৰ দিনাই বিশ্বনাথৰ বাজপেয়ী ভৱনত উন্মোচন কৰে অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্তিটো।
/asomiyapratidin/media/post_attachments/34c7af42-b4f.png)
বিশ্বনাথ জিলা বিজেপিৰ সভাপতি অসীম কুমাৰ দাস, উপ সভাপতি সুজিত ভুমিজ আৰু সম্পাদক ৰাতুল নাথৰ ব্যক্তিগত প্ৰচেষ্টাত ৰাজস্থানৰ পৰা নিৰ্মাণ কৰি অনা বাজেপয়ীৰ পূৰ্ণাবয়ব মূৰ্তিটোৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে। লগতে শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্ত, ৰাজ্যিক বিজেপিৰ সাধাৰন সম্পাদক পল্লৱ লোচন দাস, বিধায়ক প্ৰমোদ বৰঠাকুৰ, উৎপল বৰা আৰু দিগন্ত ঘাটোৱালকে আদি কৰি বহু কেইগৰাকী বিজেপি কৰ্মী ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us