/asomiyapratidin/media/media_files/2025/12/21/1-2025-12-21-21-18-19.jpg)
ডিজিটেল ডেস্কঃ বিশ্বনাথ জিলাৰ অন্তৰ্গত প্ৰতাপগড় চাহ বাগিছাৰ সাধাৰু পাণপুৰ লাইনত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বিশ্বনাথ আঞ্চলিক সভাপতি আগষ্ট মুণ্ডাৰ দুস্কাৰ্য বিৰূদ্ধে এক বৃহৎ ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ প্ৰাপ্ত তথ্য অনুসৰি-বিশ্বনাথৰ প্ৰতাপগড় চাহ বাগিছাৰ অসম চাহ মজদুৰ সংঘৰ সম্পাদক আব্দুল জলিলৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বিশ্বনাথ আঞ্চলিক সভাপতি আগষ্ট মুণ্ডাৰ বিৰূদ্ধে এক ভূক্তভোগী চাহ শ্ৰমিক পৰিয়ালৰ কৃষিভূমি দখল, মাটি ম্যাদিকৰণৰ নামত দালালি আৰু ধনদাবী কৰাৰ অভিযোগ উত্থাপন হৈছে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/21/3f47e242-6601-4dac-9c99-d95ce696ccb6-2025-12-21-21-16-58.jpeg)
সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বিশ্বনাথ আঞ্চলিক সভাপতি আগষ্ট মুণ্ডাৰ নামৰ তথাকথিত ছাত্ৰ নেতাৰ সন্ত্ৰাস কাৰ্যৰ পৰা পৰিত্ৰাণ বিচাৰি ভূক্তভোগী চাহ শ্ৰমিক পৰিয়ালটোৱে স্থানীয় সমাজ সচেতন মহলৰ পৰা সুবিচাৰ তথা ন্যায় বিচাৰিছে। বিশ্বনাথ প্ৰতাপগড় সাধাৰু পানপুৰ লাইনৰ ভূক্তভোগী চাহ শ্ৰমিক পৰিয়ালৰ সদস্য মদন তছাই বিশ্বনাথৰ দালাল ছাত্ৰ নেতা আগষ্ট মুণ্ডাৰ বিৰূদ্ধে কৃষিভূমি দখল অভিযোগ উত্থাপন কৰাৰ লগতে ৰাজহুৱা সভাত ছাত্ৰ নেতা আগষ্ট মুণ্ডাৰ বিৰূদ্ধে গেছ পাইপ লাইনৰ নামত বহুৱাৰ গেছ কোম্পানীৰ তৰফৰ পৰা ভূমি স্বত্বাধিকাৰীয়ে লাভ কৰা চাহ শ্ৰমিকৰ পৰা সংগঠনৰ নামত ধনদাবী কৰাৰো অভিযোগ উত্থাপন হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/21/fb0f7176-cba4-4430-8b56-4169a1571c1b-2025-12-21-21-17-12.jpeg)
উল্লেখ্য যে, বিশ্বনাথ আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি আগষ্ট মুণ্ডাৰ বিৰূদ্ধে অনুষ্ঠিত ৰাজহুৱা সভা অসম চাহ মজদুৰ সংঘৰ বিষয়ববীয়া, আটছাৰ বিষয়ববীয়াৰ উপৰিও স্থানীয় মহিলা শ্ৰমিক, জেষ্ঠ চাহ শ্ৰমিক আৰু প্ৰাক্তন ছাত্ৰ সংগঠনৰ বহুকেই গৰাকী নেতা উপস্থিত থাকে৷ ৰাজহুৱা সভাত ৰাইজৰ অভিযোগৰ ভিত্তিত আদিবাসী তথা চাহ জনগোষ্ঠীয় সাধাৰণ চাহ শ্ৰমিকৰ বিৰুদ্ধে কাম কাজ কৰা চেষ্টা চলোৱা সংগঠনৰ নেতাক প্ৰতাপগড় চাহ বাগিছাৰ সাধাৰু পানপুৰ লাইন তথা গাঁৱত প্ৰৱেশ নিষিদ্ধ প্ৰস্তাৱ আৰু চাহ শ্ৰমিক শোষণ, লুণ্ঠন কাৰ্যৰে জড়িত ছাত্ৰ নেতাৰ বিৰুদ্ধে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতি শীঘ্ৰে সংগঠনৰ পৰা বহিস্কাৰ দাবীৰ প্ৰস্তাৱ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ ৰাজ্যৰ হাজাৰ হাজাৰ চাহ শ্ৰমিক আদিবাসী জনগোষ্ঠীয় লোকৰ শোষণ,বঞ্চনা,ন্যায়, সাংবিধানিক অধিকাৰ তথা প্ৰাপ্য অধিকাৰ লাভৰ বাবে জন্মলাভ কৰা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ নেতা চাহ শ্ৰমিকৰ ভূমি দখল, মাটি-বাৰী ম্যাদিকৰণৰ নামত ধনদাবী কৰা কাৰ্যৰ দৰে অভিযোগত লিপ্ত হোৱা বিষয়টোৱে সমাজ সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/21/c1397ddd-0eea-4bac-acfa-52b285bc05a4-2025-12-21-21-17-29.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us