/asomiyapratidin/media/media_files/2025/11/29/whatsapp-imag-2025-11-29-18-27-18.jpeg)
ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশ্বনাথ ৱাইল্ড লাইফৰ বনকৰ্মীৰ জোৱানে বিহালীৰ টেলেঙণীয়াৰ গঞাঁ কৃষকক গুলীয়াই হত্যাৰ ভাবুকি দিয়া ভিডিঅ' চৰ্চিত হৈ পৰাত চাঞ্চল্যৰ সৃষ্টি কৰিছে। অন কেমেৰাত বন্দী সেই গুণ্ডাগিৰি কৰাৰ দৃশ্য।জানিব পৰা মতে, বিহালীৰ টেলেঙণীয়াৰ কেইজনমান যুৱকে ব্ৰহ্মপুত্ৰ নদীৰ সমীপৰ কৃষি পথাৰত কৰা খেতি বাতি বনৰীয়া হাতী আৰু গাহৰিৰ পৰা খেতি পথাৰ ৰক্ষা কৰিবৰ বাবে কাৰেন্টৰ তাঁৰৰ ব্যৱস্থা কৰিছিল ৷
/asomiyapratidin/media/post_attachments/bb170632-4c3.png)
বিয়লি ভাগত বিশ্বনাথ বনৰক্ষী জোৱানৰ তিনিজনীয়া দলে তহলদাৰী কৰি কৃষি পথাৰত উপস্থিত হোৱাৰ সময়ত এজন বনৰক্ষী জোৱানে মোবাইলত কথা পাতি থাকোতে কাৰেণ্টৰ তাঁৰত লাগি উজুটি খোৱাক কেন্দ্ৰ কৰি বনৰক্ষী জোৱান জন কৃষক যুৱককেইজনৰ ওপৰত ক্ষোভিত হৈ পৰে। তাৰ পাছতে বনৰক্ষী জোৱানজনে হাতত লৈ থকা বন্দুকৰে যুৱ কৃষক কেইজনক গুলীয়াই মৰাৰ ভাবুকি দিয়া পৰিলক্ষিত হয় ৷
/asomiyapratidin/media/post_attachments/ade3158c-534.png)
এই ঘটনা সংঘটিত হোৱাৰ পাছতে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us