/asomiyapratidin/media/media_files/2025/11/08/ujjd-2025-11-08-11-06-16.jpg)
ডিজিটেল সংবাদ, বিহালীঃ শনিবাৰে বিশ্বনাথ জিলাৰ গহপুৰৰ ভোলাগুৰিত প্ৰস্তাৱিত কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ শিলান্যাস আৰু ভূমিপূজন৷ গহপুৰৰ ভোলাগুৰিত উপস্থিত হব দেশৰ কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন।অৰুণাচল প্ৰদেশৰ সোলেঙী বিমান বন্দৰত হেলিকপ্তাৰে অৱতৰণ কৰিব দেশৰ বিত্তমন্ত্ৰী গৰাকীয়ে৷
তথ্যমতে প্ৰস্তাৱিত কনকলতা বিশ্ববিদ্যালয় খন ৭৩৮ বিঘা ভূমিত ৫০০ কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ হ'ব কনকলতা বৰুৱা বিশ্ববিদ্যালয়। উল্লেখযোগ্য যে ৰূপকোৱঁৰ জ্যােতি প্ৰসাদ আগৰৱালাৰ কৰ্মস্থলী ভোলাগুৰিত আজি ৫০ হাজাৰ জনতা সমবেত হ'ব।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে শিক্ষামন্ত্ৰী ৰণোজ পেগু,ৰাজ্যিক বিত্ত মন্ত্ৰী অজন্তা নেওগ আৰু বহু সংখ্যক বিধায়ক উপস্থিত থাকিব শিলান্যাসৰ অনুষ্ঠানত। আনহাতে গহপুৰ সমষ্টিৰ জ্যেষ্ঠ বিজেপি নেতা নোমল বৰুৱাই কয় যে, কেন্দ্ৰীয় বিত্তীয় মন্ত্ৰী নিৰ্মলা সীতাৰমন ডাঙৰীয়াক আদৰণি জনাবলৈ আমি সাজু আৰু এই সভাত প্ৰায় ২৫ পৰা ৩০ হাজাৰ লোকে অংশগ্ৰহণ কৰিব পৰাকৈ সকলো সা সুবিধা কৰা হৈছে।
লগতে কয় অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গহপুৰ বাসীক দিয়া প্ৰতিশ্ৰুতি পূৰণৰ দিশে গতি কৰিছে। উল্লেখযোগ্য যে গহপুৰত এই স্থানত এই ৰাজ্যিক বিশ্ববিদ্যালয়ৰ খন সম্পূৰ্ণ হৈ উঠে তেতিয়া চাইকেল চলাই ও বিশ্ববিদ্যালয়ৰ খনলৈ ছাত্ৰ ছাত্রী আহিব পাৰিব বুলি মন্তব্য কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us