/asomiyapratidin/media/media_files/2025/09/19/hhhh-2025-09-19-08-57-46.jpg)
ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশ্বনাথৰ দুজন ছাত্ৰই দেখুৱালে বনৰীয়া জীৱকুলৰ প্ৰতি থকা প্ৰেমৰ এক নিদৰ্শন। বানপানীৰ সময়ত জনাঞ্চললৈ ওলাই অহা জন্তু উদ্ধাৰ কৰি গতালে বন বিভাগৰ কাৰ্যালয়ত। উল্লেখ যে বিশ্বনাথৰ বুঢ়া মাধৱ হাইস্কুলৰ দুই দশম শ্ৰেণীৰ ছাত্ৰ দুই ছাত্ৰ ক্ৰমে হামিদ আলি আৰু মমিনুল হকে কালি বিদ্যালয়ৰ জিৰণিৰ সময়ত বিদ্যালয়ৰ সমিপতে এটি কণমানি শহা পহুক আক্ৰমণৰ বাবে এটা কুকুৰে খেদি থকা প্ৰতক্ষ্য কৰে।
বিপদত পৰা কণমানি শহাপহুটোক কুকুৰে খেদি থকা দেখি ছাত্ৰ দুজনে পহুটোৰ জীৱন ৰক্ষা কৰিবলৈ বিদ্যালয় কৰ্তৃপক্ষৰ অনুমতি লয় আৰু পিছত কুকুৰৰ মুখৰ পৰা কনমানি পহুটোৰ প্ৰাণ ৰক্ষা কৰে। ইয়াৰ পিছতে ফোনযোগে বন বিভাগৰ লগত যোগাযোগ কৰি এইদৰে দুই ছাত্ৰই স্কুলীয়া ইউনিৰ্ফম পিন্ধিয়ে নিজে ই-ৰিস্কা চলাই উপস্হিত হয় বিশ্বনাথ জিলা বন সংমণ্ডলৰ কাৰ্যালয়ত।
কোনো ধৰণৰ ক্ষয় ক্ষতি নোহোৱাকৈ ছাত্ৰ দুজনে এইদৰে কণমানি শহাপহুটোক গতাই দিয়ে বন বিভাগক।ছাত্ৰ দুজনৰ এই পদক্ষেপে জীৱ কুলৰ প্ৰতি থকা স্নেহ আৰু প্ৰকৃতিৰ প্ৰতি দায়বদ্ধতাকো উন্মোচিত কৰিলে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us