/asomiyapratidin/media/media_files/2025/09/10/helam-2025-09-10-09-19-09.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰ: বিশ্বনাথ জিলাৰ হেলেম আৰক্ষী থানাৰ উদ্যোগত মঙলবাৰে এক পথ সুৰক্ষা সজাগতা সভা অনুষ্ঠিত হয়।অঞ্চলটোৰ বৰঙাবাৰীত থকা মধ্য ছয়দুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক লৈ অনুষ্ঠিত হোৱা সজাগতা সভাখনৰ আঁত ধৰে হেলেম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ চিতলাই।
উক্ত সজাগতা সভাখনত উপস্থিত থাকি পথ সুৰক্ষাৰ সম্পৰ্কত সজাগতা মূলক বক্তব্য প্ৰদান কৰে বিশ্বনাথ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(মুখ্য কাৰ্য্যলয়) দেৱৰ্শী চৌধুৰী আৰু উপ আৰক্ষী অধীক্ষক(পি) ৰিকিৰাজ দাউলাগাফোৱে।
উক্ত সজাগতা সভাৰ জৰিয়তে যান-বাহন আইন,যান-বাহন চলোৱাৰ নিয়ম,ৰাষ্ট্ৰীয় ঘাইপথেৰে চলাচল কৰোতে ল'বলগীয়া সাৱধনতা আৰু নীতি-নিয়মৰ বিষয়ে পুংখানুপুংখ ৰূপে ছাত্র-ছাত্ৰী সকলক বুজাই কোৱা হয়।দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে হেলেম আৰক্ষীয়ে গ্ৰহণ কৰা এই সজাগতা মূলক পদক্ষেপক শলাগ লৈছে অঞ্চলটোৰ ৰাইজে।
পথ সুৰক্ষা সজাগতা সভাখন সফল কৰি তোলাৰ বাবে মধ্য ছয়দুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্র-ছাত্ৰী সকলৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে আৰক্ষী বিষয়া পংকজ চিতলাই।উক্ত সজাগতা সভা খনত আলোচনা হোৱা বিষয় সমূহ নিজৰ নিজৰ গাঁও-চুবুৰীত প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ ওপৰত গুৰুত্ব দি আৰক্ষীৰ এই পদক্ষেপৰ সহযোগী হ'বলৈ ছাত্র-ছাত্ৰী সকলৰ প্ৰতি আহ্বান জনায় হেলেম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ চিতলাই।