ডিজিটেল সংবাদ, বিশ্বনাথঃ দেশত কোৰোনাই ক্ৰমান্বয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত দ্বিতীয় পৰ্যায়ৰ লকডাউন ঘোষণা কৰিছে কেন্দ্ৰই। কিন্তু এতিয়াও যেন একাংশ লোকৰ গাত চেতনা ঘূৰি অহা নাই। লকডাউন অমান্য কৰি বিনাকাৰনত ঘৰৰ পৰা ওলাই ঘূৰি ফুৰিছে একাংশ লোক। শুকুৰবাৰে বিশ্বনাথৰ ধেনুখনাত এনে লকডাউন অমান্যকাৰীক আৰক্ষীয়ে দিলে পহুখেদা।
দৰাচলতে, ধেনুখনাত গছৰ ডাল কাটিবলৈ গৈ গছ ভাঙি এজন যুৱকৰ হেচাঁ মাৰি ধৰাৰ ফলত গছৰ ডালতে আৱদ্ধ হৈ মৃত্যু হয়। গছৰ ডালত লাগি থকা এই মৃত যুৱকগৰাকীৰ চাবলৈয়ে উক্ত অঞ্চলত লকডাউনৰ কথা পাহৰি সমবেত হয় শতাধিক লোক।
সামাজিক ব্যৱধানৰ কথাও পাহৰি যোৱা এই লোকসকলক আৰক্ষী উপস্থিত হৈ সেই স্থান ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়ে। প্ৰায় ১০০ ফুট উচ্চতাত গছৰ ফেৰেঙনিত ওলমি থকা থকা মৃত যুৱকগৰাকীৰ নাম ছৈবুৰ ৰহমান।