বিশ্বনাথ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত ডিটিঅ' শৈলেন কুমাৰ দাসৰ দৌৰাত্ম্য

জিলা পৰিবহন বিষয়াৰ কাৰ্যালয় সমূহক দুৰ্নীতি মুক্ত কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ পাছতো বিশ্বনাথ জিলাত চলিছে দুৰ্নীতি।

author-image
Asomiya Pratidin
New Update
FGRTY67I8

ডিজিটেল সংবাদ, গহপুৰঃ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয় সমূহক দুৰ্নীতি মুক্ত কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ পাছতো বিশ্বনাথ জিলাত চলিছে দুৰ্নীতি। বিশ্বনাথ জিলা পৰিবহন বিষয়া আৰু সচিব আঞ্চলিক পৰিবহন প্ৰাধিকাৰীৰ কাৰ্য্যলয়ত ঘোচ অবিহনে কোনো এটা কাম সম্পাদন নোহোৱাটো তেনেই সাধাৰণ নিয়মত পৰিণত হৈছে। লগতে কাৰ্যালয়টোত কেইজনমান মধ্যভোগী দালালৰ দৌৰাত্ম্য চলাৰ অভিযোগ উত্থাপন হৈছে।

বিশ্বনাথ জিলা পৰিবহন বিষয়া হিচাপে কাৰ্য্যনিৰ্বাহ কৰা শৈলেন কুমাৰ দাসৰ পৃষ্ঠপোষকতাত সম্প্ৰতি উক্ত কাৰ্য্যলয়টো লুণ্ঠনৰ একমাত্ৰ থলীলৈ পৰিণত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে জিলাখনৰ ভুক্তভোগী ৰাইজে। অভিযোগ অনুসৰি-বাইক আৰু গাড়ী ডিলাৰৰ ট্ৰেড চাৰ্টিফিকেট(টি চি) আৰু ট্ৰেড লাইচেঞ্চ(টি এল) প্ৰদানৰ ক্ষেত্ৰত ব্যাপক ধনৰ লেনদেন কৰি আহিছে ডিটিঅ শৈলেন কুমাৰ দাসে।

এইগৰাকী ঘোচখোৰ ডিটিঅ'ক মোটা অংকৰ ধন নিদিলে টিচি আৰু টিএল প্ৰদান নকৰি ভীষণ হাৰাশাস্তি  কৰি আহিছে একাংশ ডিলাৰৰ মালিকক। টিচি আৰু টিএলৰ বাবে যাবতীয় নথি পত্ৰ জমা দিলেও বিভিন্ন অজুহাত উলিয়াই অযথা হাৰাশাস্তি কৰি আহিছে বহু ডিলাৰৰ মালিকক। যদি তেওঁক ইয়াৰ বাবে লাখৰ ঘৰত মোটা অংকৰ ধন ঘোচ হিচাপে দিয়া হয় তেন্তে তেওঁ অনায়াসে প্ৰদান কৰে টিচি আৰু টিএলৰ যাবতীয় প্ৰমাণ পত্ৰ।

কেবল নতুনকৈ আবেদন কৰাৰ ক্ষেত্ৰতেই নহয়, যিবোৰ টিচি আৰু টিএলৰ ম্যাদ উকলাৰ পিছত নৱীকৰণ কৰিবলৈ নিয়া হয় সেই সমূহৰ ক্ষেত্ৰতো মোটা অংকৰ ঘোচ দিলেহে নবীকৰণ কৰি দিয়ে ডিটিঅ' শৈলেন কুমাৰ দাসে। একেদৰে, গাড়ী বা বাইক বিক্ৰীৰ পিছত কৰা পঞ্জীয়নৰ ফাইল পৰীক্ষণৰ নামত প্ৰতিটো ফাইলৰ বাবদ ৫০০  টকাকৈ দিব লাগে ডিটিঅ দাসক।

টকাৰ বাবেই ডিলাৰ সমূহে বিক্ৰী কৰা গাড়ী আৰু বাইকৰ পঞ্জীয়নৰ ফাইল বিচাৰি অযথা হাৰাশাস্তি কৰি আহিছে ডিলাৰৰ মালিসকলক। বিশ্বনাথ জিলাৰ গৰিষ্ঠ সংখ্যক ডিলাৰৰ পৰা উক্ত ফাইল পৰীক্ষণৰ নামত ডিটিঅ দাসে প্ৰতিটো  ফাইলৰ পৰা ৫০০ টকাকৈ সংগ্ৰহ কৰি অহা বুলি প্ৰাপ্ত অভিযোগত প্ৰকাশ পাইছে।ট্ৰাক-ডাম্পাৰৰ অভাৰলোডৰ ক্ষেত্ৰতো বিশ্বনাথ জিলা পৰিবহন বিষয়াৰ কাৰ্য্যলয়ে এক ৰমৰমীয়া বেপাৰ চলাই আহিছে।বিশ্বনাথ জিলাৰ মাজেৰে পাৰ হৈ যোৱা বহু ট্ৰাক-ডাম্পাৰে মাহেকীয়া হিচাপত ঘোচ দিব লাগে উক্ত কাৰ্য্যলয়ত।

অভিযোগত প্ৰকাশ পোৱা মতে- চালকৰ অনুজ্ঞাপত্ৰৰ নৱীকৰণৰ ক্ষেত্ৰতো যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে বহু লোক। সংশ্লিষ্ট চালকৰ অনুজ্ঞাপত্ৰ নবীকৰণ কৰিব পৰাৰ উপযুক্ত সুবিধা থকাৰ পিছতো নবীকৰণ নকৰি অযথা হাৰাশাস্তি কৰি আহিছে বহু লোকক। এইগৰাকী ডিটিঅ' শৈলেন কুমাৰ দাসে চালকৰ অনুজ্ঞাপত্ৰৰ নৱীকৰণৰ বাবে  কৰি অহা হাৰাশাস্তিত অতিষ্ঠ হৈ পৰিছে বহু আবেদনকাৰী। বাহনৰ স্বস্তাধিকাৰীৰ নাম ট্ৰেণ্সফাৰ কৰা,বাহনৰ পঞ্জীয়ন নম্বৰ আন জিলালৈ সলনি কৰা আদিৰ ক্ষেত্ৰতো বুজন পৰিমাণৰ ঘোচ লয় ডিটিঅ শৈলেন কুমাৰ দাসে।

আনহাতে, দুৰ্ঘটনাগ্ৰস্ত গাড়ীৰ এম ভি আই ৰিপৰ্টৰ বাবে দিব লাগে ৩ হাজাৰৰ পৰা ৫ হাজাৰ টকা।যদি এম ভি আই ৰিপৰ্টৰ বাবে উক্ত পৰিমাণৰ ঘোচ দিয়া নহয় তেন্তে এম ভি আই ৰিপৰ্ট লাভ নকৰাটো তেনেই সাধাৰণ নিয়ম হৈ পৰিছে কাৰ্য্যলয়টোত। এইক্ষেত্ৰত ভুক্তভোগী ৰাইজে আৰু অভিযোগ কৰি কয় যে-কৃষ্ণ ডেকা,দেৱাশীষ চৰকাৰ,মুকুট আলীৰ দৰে বহু মধ্যভোগী দালালৰ দৌৰাত্ম্য চলিছে উক্ত জিলা পৰিবহন বিষয়াৰ কাৰ্য্যলয়টোত।এই দালাল সকলৰ জৰিয়তে ঘোচ লয় ডিটিঅ দাসে।

বিশ্বনাথ জিলা পৰিবহন বিষয়া ও সচিব আঞ্চলিক পৰিবহন প্ৰাধিকাৰীৰ কাৰ্য্যালয়ত অব্যাহত থকা এনেধৰণৰ দুৰ্নীতি অনিয়ম সমূহ ৰোধ কৰি কাৰ্য্যলয়টোক নিকা আৰু স্বচ্ছ কৰি তুলিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত জিলাখনৰ ভুক্তভোগী ৰাইজে কঠোৰ দাবী জনাইছে। ইয়াৰ অন্যথা কাৰ্য্যলয়টোত অব্যাহত থকা দুৰ্নীতি অনিয়মৰ বিষয়ে বৃহৎ প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি ভুক্তভোগী ৰাইজে সকীয়াই দিছে।

বিশ্বনাথ আৰক্ষী বিশ্বনাথ