ভুৱা লাট মণ্ডলে আবেদনকাৰীৰ পৰা ধন বিচৰা কল ৰেকৰ্ডিং ভাইৰেলঃ গোচৰ দাখিল

বিশ্বনাথ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত মাটিৰ বিভিন্ন কাম কৰাৰ বাবে আবেদন কৰা লোকক কোনো দুষ্ট চক্ৰই ফোন যোগে উক্ত কাম কৰি দিয়াৰ বিনিময়ত ধন সংগ্ৰহ কৰাৰ ঘটনা পোহৰলৈ আহিছে।

author-image
Asomiya Pratidin
New Update
ভুৱা লাট মণ্ডলে আবেদনকাৰীৰ পৰা ধন বিচৰা কল ৰেকৰ্ডিং ভাইৰেলঃ গোচৰ দাখিল

ডিজিটেল সংবাদ বিশ্বনাথঃ আপুনি মাটিৰ কামৰ বাবে বিশ্বনাথ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আবেদন কৰিছে নেকি? তেনেহ’লে সাৱধান হওক। কাৰণ আপুনি আবেদন কৰা মাটিৰ কামৰ বাবে ভুৱা লাট মণ্ডলে আপোনাক ফোন কৰি আপোনাৰ কাম কৰি দিয়াৰ বাবে সংগ্ৰহ কৰিব পাৰে ধন।

বিগত দুই, তিনি মাহৰ পৰা বিশ্বনাথ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত মাটিৰ বিভিন্ন কাম কৰাৰ বাবে আবেদন কৰা লোকক কোনো দুষ্ট চক্ৰই ফোন যোগে উক্ত কাম কৰি দিয়াৰ বিনিময়ত ধন সংগ্ৰহ কৰাৰ ঘটনা পোহৰলৈ আহিছে। আজিও বিশ্বনাথৰ এগৰাকী লাট মণ্ডলৰ নামত এজন আবেদনকাৰীক ফোন যোগে কাম কৰি দিয়াৰ নামত ৩২৬০ টকা বিচাৰে।

সচেতন আবেদনকাৰী হোৱাৰ বাবে পিছৰ পৰ্যায়ত মণ্ডলৰ লগত যোগাযোগ কৰোতেহে এই দুষ্ট চক্ৰই ভুৱা মণ্ডল বুলি পৰিচয় দি ধন সংগ্ৰ কৰাৰ ঘটনা পোহৰলৈ আহে। আবেদনকাৰীয়ে নিজৰ মাটিবাৰীৰ কাগজ পত্ৰ জেৰস্ক অথবা কম্পিউটাৰ টাইপিং বা অনলাইন এপ্লাই কৰা বিভিন্ন প্ৰতিষ্ঠানৰ পৰা দুষ্ট চক্ৰই আবেদনকাৰীৰ মোবাইল নম্বৰৰ লগতে সবিশেষ লাভ কৰা বুলি সন্দেহ কৰা হৈছে।

যাৰ বাবে ইতিমধ্যে বিশ্বনাথ ৰাজহ চক্ৰ বিষয়া মাধুৰ্য্য কুমাৰ পৰাশৰ নিৰ্দেশত লাট মণ্ডলে বিশ্বনাথ আৰক্ষীক এজাহাৰ দাখিল কৰিছে।ইফালে ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে ৰাইজক এই ক্ষেত্ৰত সজাগ আৰু সচেতন হ'বলৈ আহবান জনাইছে।

আনহাতে চক্ৰ বিষয়াৰ কাৰ্যালয়ত মাটিবাৰীৰ কামকাজ কৰোতে কোনো লাট মণ্ডল অথবা কৰ্মচাৰীয়ে কোনো আবেদনকাৰীৰ পৰা ধন বিচাৰিব নোৱাৰে বুলি মন্তব্য কৰাৰ লগতে এনে ধন বিচাৰি যদি কোনো আবেদনকাৰীলৈ ফোন যায়,তেনেহলে আৰক্ষীৰ কাষ চাপিবলৈ আহ্বান জনাইছে চক্ৰ বিষয়াগৰাকীয়ে।ইতিমধ্যে আজি বিশ্বনাথ ৰাজহ চক্ৰৰ অন্তৰ্গত এগৰাকী লাট মণ্ডলৰ নামত কি দৰে আবেদনকাৰীৰ পৰা ধন বিচাৰিছিল সেই ফোন ৰেকৰ্ডিঙো ভাইৰেল হৈছে।

বিশ্বনাথ