/asomiyapratidin/media/media_files/2026/01/11/613-2026-01-11-11-29-57.jpg)
ডিজিটেল সংবাদ, বিশ্বনাথ : অসম গণ পৰিষদে বিশ্বনাথ বিধানসভা সমষ্টিত দলীয় প্ৰাৰ্থী প্ৰক্ষেপৰ সেউজ সংকেত লাভ কৰা বুলি দাবী উত্থাপন কৰিছে স্থানীয় অগপ নেতাসকলে। স্থানীয় নেতা-কৰ্মীয়ে দাবী কৰা অনুসৰি এইবাৰ অগপৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাক্তন মন্ত্ৰী তথা দলৰ সাধাৰণ সম্পাদক প্ৰবীণ হাজৰিকাই।
বিশ্বনাথত অনুষ্ঠিত অগপৰ বুথ সন্মিলনত অংশগ্ৰহণ কৰি একাংশ নেতাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, দলৰ কেন্দ্ৰীয় সভাপতি অতুল বৰাই বিশ্বনাথ বিধানসভা সমষ্টিত অগপৰ প্ৰাৰ্থী নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি স্পষ্ট কৰি দিছে। এই সেউজ সংকেতৰ পাছতেই সমষ্টি অগপ কমিটিয়ে সাংগঠনিকভাৱে সক্ৰিয় হৈ বুথ সন্মিলনৰ আয়োজন কৰে।
বুথ সন্মিলনত অংশগ্ৰহণ কৰা কৰ্মীসকলে এইবাৰ কোনো ‘কিন্তু-হেতেন’ মানি ল’বলৈ প্ৰস্তুত নহয় বুলি স্পষ্ট কৰি দিয়ে। কৰ্মীসকলে মুকলিকৈয়ে প্ৰবীণ হাজৰিকাৰ প্ৰাৰ্থিত্ব ঘোষণা কৰি একপ্ৰকাৰ মিত্ৰদল বিজেপিকো প্ৰত্যাহ্বান জনোৱা বুলি ৰাজনৈতিক মহলত আলোচনা আৰম্ভ হৈছে। অৱশ্যে অগপই বন্ধুত্বসূলভ প্ৰতিদ্বন্দ্বিতাৰ কথা কৈ পিছলৈ ইচ্ছুক নহয় বুলিও প্ৰকাশ পাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us